তোমাক হেৰুওৱাৰ পাছত-গোপাল কৃষ্ণ বাঢ়ৈ

©Admin
4
নাজানো সময়বোৰ আকৌ কেতিয়া মোৰ হ’ব…
মই আকৌ তোমাৰ ভাল লগা হৈ পৰিম৷
মোৰ কবিতাবোৰ তোমাৰ প্ৰিয় হৈ পৰিব৷
আমি আকৌ কেতিয়া লগ হ’ম,
কোনোবা এটা
 কাহিলি পুৱা৷
একেলগে খোজ কাঢ়িম দুয়ো সোণাৰু ফুলা বাটত৷
শেষ নোহোৱাকৈ কথা পাতিম
ৰাজমাই পাৰত…
একেলগে উদ্‌যাপন কৰিম দেওবৰীয়া সন্ধিয়াবোৰ
তোমালোকৰ ড্ৰয়িংৰুমত৷
তোমাৰ হাতৰ পৰা 
চাহকাপ লৈ অজানিতে তোমাৰ আঙুলিত স্পৰ্শ কৰিম…
খঙ আৰু অভিমানৰ চাৱনিৰে তুমি মোক চাবা৷
আকৌ কেতিয়া বাৰে বাৰে শপত খাবা তুমি
মোক এৰি থৈ নোযোৱা বুলি৷
আকৌ কেতিয়া তুমি মোক অভিমান কৰিবলৈ ল’বা,
খং কৰিবলৈ ল’বা,
গালি পাৰিবলৈ ল’বা৷
মোৰ বাবে ৰৈ থাকিবা জিষ্টৰ সন্মুখত,
অথবা লাহদৈগড় তিনিআলিত৷
উচৰ্গা কৰিবলৈ ল’বা মোৰ নামত তোমাৰ উজাগৰী ৰাতিবোৰ? 

✍️গোপাল কৃষ্ণ বাঢ়ৈ

Post a Comment

4Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment