আজি পৰ্যন্ত মোৰ
এটা শব্দ বৰ প্ৰিয়
সেইটো কি জানা 'মা' তুমি।
তুমিয়েই মোৰ সেই প্ৰিয়
শব্দ 'মা',
আনৰ দৰে জানা মা
মই তোমাক বহুত সুখ দিব নোৱাৰো,
কিন্তু বেছি দুখো নিদিওঁ ।
আনৰ দৰে মই তোমাৰ
দুখ-কষ্ট পাহৰি নেযাঁও
মা।
আৰু কি জানা মা?
হয়তো তুমি নহ'ব পাৰা
আনৰ দৰে গুনী-জ্ঞানী,
তথাপিও তুমি
মোৰ মৰমৰ,
মোৰ দুধানি চকুলো গুচোৱা
মোৰ মৰমৰ 'মা'।।