এটি সুৰ ভাঁহে নীৰৱে-ৰুমী কলিতা দত্ত

এটি মিঠা সুহুৰি দীপ্ত সুৰুযৰ স'তে
সুমধুৰ সান্নিধ্য চঞ্চলা সুবাসেৰে
সুন্দৰ সুবাসিত পুস্পৰ কানন
অপৰূপ সৌন্দৰ্যময়।

সৌন্দৰ্য উপলদ্ধিৰ অনন্ত প্ৰেমিক
ম্ৰিয়মান সময় ।

সোণালী বাটত  সঞ্জীৱনীৰ সন্ধান ।
আশাৰ সপোনবোৰে সংগোপনে হাঁহে
নুবুজা সাঁথৰ হৈ,
বিশাল বালিচৰত সুৰুযৰ কিৰণ
প্ৰাণোচ্ছল হাঁহিৰে প্ৰকৃতিৰ স'তে,
হেৰাল  এতিয়া বুকুৰ দুবৰি 
চিৰসেউজ পৃথিৱীত অপূৰণীয় ক্ষতি ।

✍️ৰুমী কলিতা দত্ত

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send