একাপ গৰম চাহৰ তৃপ্তি
এয়া জানো নহয়নে এক আমেজ,
শুনানা ভাললগা গীতটিৰ সৈতে
নিজেও গুনগুনাই থকা ওঁঠৰ
হাঁহিমুখীয়া কঁপনিও যেন এক তৃপ্তি,
কেতিয়াবা শীতল অনুভৱক সাৱটি
ৰ’বাচোন ভিতৰৰ পৰাই চাই
খিৰিকীৰে, চকুহালিত অনুভৱ সানি
বৃষ্টিৰ আবিৰ টোপালবোৰ যেন জীয়া অনুভৱ আৰু সপোনহে
এয়া নহয় জানো জীৱনৰ মাদকতা।
প্ৰিয়জনৰ প্ৰাণখোলা হাঁহিৰ সমতুল্য নহয়নে এইবোৰ
য'ত পাই অজস্ৰ সুখ, মাদকতা
আত্মসন্তুষ্টি দুয়োজনাৰ
ঠিক সেই মাদকতাৰ বৰষুণজাক।।
✍️ছাহনাজ আলম
দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ