চুমীক মাকে প্ৰায়েই কৈছিল- "অচিনাকী মানুহক কেতিয়াও বিশ্বাস নকৰিবি।সহজে আপোন কৰি নলবি। এদিন তই প্ৰতাৰণাৰ ভাগী হবি।"
চুমীয়ে কিন্তু মাকৰ কথা কোনোদিনে গুৰুত্ব নিদিলে। যিমান অচিনাকী হ'লেও সকলোকে সহজে বিশ্বাস কৰি লয়।
তাইক সহজ সৰল পায় সকলোৱে নিজৰ নিজৰ প্ৰয়োজনত তাইক ব্যৱহাৰ কৰিলে।আৰু যেতিয়া প্ৰয়োজন শেষ হ'ল তাইক সকলোৱে পাহৰি গ'ল। তেতিয়াহে তাই উপলব্ধি কৰিলে মাকে যে তাইক সচাঁ কথাকে কৈছিল।মাকৰ কথা নুশুনাৰ পৰিণতিত তাই আজি বিশ্বাসৰ মূল্য নাপায় প্ৰতাৰণাৰ ভাগী হ'ল।
✍🏻দিপশিখা ৰাজকোঁৱৰ।
একাদশ শ্ৰেণী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ