নতুন আলিবাট-অঞ্জুমণি হাজৰিকা

সময় নিষ্ঠুৰ হৈ 
কিমান ভেটিবি বাট ?
জীৱন মানেই ঘাত-প্ৰতিঘাত
দৃঢ় মনক  টলাব নোৱাৰ
এটা বাট ভেটিলেও ন ন বাটে
বাউলিয়াই হাত ।
ধৈৰ্য সাহস বিবেকৰ সূৰ্য‌ই
দিছে মানৱক গতি ,
বুকুত জ্বলাই ৰাখি 
আশাৰ অম্লান জ্যোতি ।
হাৰি হাৰিও জিকে মানুহ
সময়ৰ বুকুতে কান্দুলিখৰ মাৰি ।
জীৱন জিন্দাবাদ 
বাটৰ বুকুতে জন্ম সহস্ৰ বাট 
বিচাৰি লোৱা 
কাৰ কি লাগে ভাল ।
    
        ✍️অঞ্জুমণি হাজৰিকা           
 

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send