মদৰ গোন্ধ-কবিতা~পংকিতা কলিতা

©Admin
0
নাকত লাগিলেও
আঁতৰি আহিব বিচাৰিও
পৰা নাছিলোঁ‌
কিয়নো ভাল পাইছিলোঁ‌
এটি পবিত্ৰ জোনাকৰ দৰে...,
বেয়া পাওঁ‌ মদ,
তাতোকৈ বেছি মদৰ গোন্ধ...
তথাপি প্ৰেমত পৰিছিলোঁ‌ যাৰ ৰাগী আছে মদৰ মাদকতাত...
যি প্ৰেমৰ মদৰ নিচাতকৈও বেছি ৰাগী...
আজি অনুভৱ কৰিছোঁ
মদৰ নিচাৰ দৰেই প্ৰেমো এক নিচা...।।
আজি যদি পাই যাওঁ‌
মোৰ আপোনজনৰ মুখত মদৰ গোন্ধ...?
তেওঁ‌ক জানো ক'ব পাৰিম
    "আতৰি যাওঁ‌ক...?"
নোৱাৰো কাৰণ 
ভাল পাওঁ‌ তেওঁ‌কো
আকাশৰ বিশালতাৰ দৰেই...
তথাপি কওঁ‌।
"মদ নাখাব,
       বেয়া পাওঁ‌।
আঁতৰি যাম 
        যদি পাই যাওঁ‌
আপোনাৰ মুখত
         মদৰ গোন্ধ...।"

         ✍️পংকিতা কলিতা(দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)