উচ্ছেদ-বাণীকান্ত লহকৰ

©Admin
0
ভৰিখন দাঙিব খুজি আকৌ মাটিত নমাই আকাশৰ পিনে চাই তাই শিয়ৰি উঠিল। এদিন আমুলৰ হাতত ধৰি নিৰ্মালী মুকলি আকাশৰ তলৰ পৰা অৰণ্যৰ দাঁতিকাষৰীয়া এই ঠাইলৈ গুছি আহিছিল। তেওঁলোকক সংগ দিবলৈ আৰু বহুতো আহিল ।নদীৰ বুকুত জাহ যোৱা জীৱনৰ সেইবোৰ কৰুণ অধ্যায়।অৰণ্যক আপোন কৰিব জনা তেওঁলোকৰ সংগীহৈ পৰিল বনৰীয়া জীৱ জন্তবোৰ |

কিন্তু কেনেকৈ জানো, বনৰীয়া জন্তুবোৰৰ ওপৰত এক শীতল মগজুৰে বধ কাৰ্য গঢ়ি তোলা হ'ল।তেওঁলোকৰ অজ্ঞাতে আৰু মৃত দেহ পৰি ৰ'ল চকুৰ সন্মুখত।কোনে হাত মিলাইছে অদৃশ্য চক্ৰৰ লগত। বহুতে বোলে স্থানীয় ভাষাটোকে মুখত ভালকৈ ফুটাব নোৱাৰে |কোনটো ফুটাৰ জোলোঙাৰে উলুৰ লগত বগৰী সোমাল। এতিয়া উচ্ছেদ অভিযানৰ কথা ওলাইছে বতাহত |ক'লৈ যাব সিহঁত ? নদীৰ বুকুত থকা ঘৰলৈ! বাকীবোৰ য'ৰ পৰা
আহিছিল তালৈ যাব নোৱাৰে অহা ৰাস্তা খোলা। যোৱা ৰাস্তা নাই.ভোটবেংক বুলিও কথা এটা আছে বুলি তাই শুনিছে। হওঁতে বৰ পয়মাল হ'ব। কোনোৱে কয় ক্ষতি পূৰণ দিব।খেনৰ কথা আকৌ
কিহৰ ক্ষতি পূৰণ গুলিয়াই মাৰা।আকৌ কিছুমানে কয় উপযুক্ত ঠাইত
সংস্থাপন কৰক। কিযে হ'ব!

কি হয় আপোনাৰ চকুৰ সন্মুখতে হব চকু দুটা মেলি ট ট কৈ চাই থাকক ।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)