অস্তাচলত মাৰ যোৱা এটি কবিতাই হ'ল জীৱন
সময়ৰ চাকনৈয়াত উচৰ্গিত এই জীৱন
সুখ-দুখ, হাঁহি - কান্দোনেৰে সমাদৃত এই জীৱনে দি যায় প্ৰকৃত শিক্ষা
সময়ৰ আহ্বান অনুযায়ী খোজ পেলাওঁ প্ৰতিটো ক্ষণতে,
কাঁইটীয়া জীৱনৰ ঘাত প্ৰতিঘাতবোৰে শিকাই থৈ যায় জীৱনৰ জটিলতা
সময়ৰ সোঁতত হেৰুৱাই পেলাওঁ কেতিয়াবা জীয়াই থকাৰ বাসনা
তথাপি পুনৰ মনত সাহস লৈ আগবাঢ়ো জীৱনৰ একা বেঁকা বাটত খোজ পেলাবলৈ বুকুত হাজাৰ সপোন লৈ কাৰন সময়ে বুজাই দিয়ে জীৱনৰ পৰিভাষা।।
✍️দীপ্তি কুমাৰ
পদ্মাঝাৰ,দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ