ফুলিব হৃদয়ৰ দুৱাৰ খুলি
পেলাব কলি , মেলিব পাহি।
ভবাতো নাচিলো তুমি
এপাহি অভিমানী গোলাপৰ পাহি ,,,।
হাত মেলি চিঙিব নোৱাৰি
কিজানি কাঁইটেৰে বিন্ধিব বুলি ;
নকৰিবা অভিমান
চুৰ্ণ-বিছিন্ন হ'ব পাৰে সাচঁতীৰ পৰিমাণ।
হৃদয় ও খহিব পাৰে
প্ৰচণ্ড ৰ'দত , বৰষুণত
জ্বলি , খহি খহি পৰিব পাৰে ,,,
ফুলৰ পাপৰি এপাহি এপাহি ৷
✍️ৰঞ্জু গায়ন ( বৰুৱা )
নামৰূপ
ফোন নং - ৯৯৫৪১২৬৩৪৬