কোন দিশে দেশৰ সংখ্যালঘু ৰাজনীতি? - নুৰ হুছেইন

©Admin
1
২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ চাৰিখন ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হোৱা ভোটগ্ৰহণৰ যোৱা মে মাহত হয় ভোট গণনা। ভাৰতীয় নিৰ্বাচন আয়োগে (ইচিআই) ২৬ ফেব্ৰুৱাৰীত চাৰিখন ৰাজ্য - পশ্চিমবংগ, অসম, তামিলনাডু, কেৰালা আৰু কেন্দ্ৰীয় শাসিত অঞ্চল পণ্ডিচেৰীত বিধানসভা নিৰ্বাচনৰ তাৰিখ ঘোষণা কৰিছিল । ২৭মাৰ্চৰ পৰা অনুষ্ঠিত মাহজোৰা এই নিৰ্বাচনত  প্ৰায় ১৮.৬৮ কোটি ভোটাৰে ৰাজ্য কেইখনৰ চৰকাৰ নিৰ্বাচনৰ বাবে ৮২৭ খন বিধানসভা আসনৰ বাবে ২.৭ লাখ ভোটকেন্দ্ৰত ভোটদান কৰিছিল।

    দেশত সদ্য সমাপ্ত বিধান সভা নিৰ্বাচনত মুঠ প্ৰাৰ্থীৰ ১৩% আসন লাভ কৰিছে ধৰ্মীয় সংখ্যালঘু মুছলমান প্ৰতিনিধিয়ে। চাৰিখন ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত সদ্য সমাপ্ত বিধান সভা নিৰ্বাচনত মুছলমান প্ৰাৰ্থীসকলে পশ্চিমবংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ,অসমৰ এ আই ইউ ডি এফ,কেৰেলাৰ ইন্ডিয়ান ইউনিয়ন মুছলিম লীগ(আই ইউ এম এল)বিজয়ী হৈছে। তামিলনাডুত দ্ৰাবিড় মুন্নেত্ৰ কাজগম (ডিম এম কে)কিছু  আসন লাভ কৰিছে। অসমত কংগ্ৰেছ আৰু কেৰেলাত বাম গণতান্ত্ৰিক ফ্ৰন্টৰ টিকটতো বিজয়ী হৈছে মুছলিম প্ৰাৰ্থী। চাৰি ৰাজ্য আৰু এখন কেন্দ্ৰীয় শাসিত অঞ্চলত মুঠ ৮২৭খন আসনত  অনুষ্ঠিত হোৱা নিৰ্বাচনত ১১২ খন আসন লাভ কৰিছে ধৰ্মীয় সংখ্যালঘু মুছলমান প্ৰতিনিধিয়ে যি মুঠ আসনৰ ১৩%।কেৰেলাৰ নবনিৰ্বাচিত ১৪০ জন সদস্যৰ ৩২জন মুছলমান বিধায়ক। নিৰ্বাচন আয়োগে প্ৰকাশ কৰা তথ্য অনুসৰি অসম আৰু কেৰেলাৰ বিধান সভা নিৰ্বাচনত মুছলমান বিধায়কৰ সংখ্যা কিছু বৃদ্ধি পোৱাৰ বিপৰীতে পশ্চিমবঙ্গত কমিছে। আনহাতে তামিলনাডু আৰু পন্ডিচেৰীত এখনকৈ আসন লাভ কৰিছে। সেই অনুসৰি ৰাজনৈতিক ভাবে মেৰুকৃত পশ্চিমবংগৰ ২৯৪জন নৱনিৰ্বাচিত বিধায়কৰ ভিতৰত ৪২জন মুছলিম বিজয়ী হৈছে। ইয়াৰে ৪১ জন মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছ দলৰ অন্তৰ্ভুক্ত। আনহাতে এখন আসনত(ভাঙ্গা) নিৰ্বাচিত হয় ৰাষ্ট্ৰীয় চেকুলাৰ মজলিছ পাৰ্টি(আৰ এচ এম পি) ৰ মহম্মদ নৌসাদ ছিদ্দিক। ২০১৬ চনত বংগ বিধান সভা নিৰ্বাচনত ৫৬ জন আৰু ২০১১ চনত ৫৯জন মুছলিম প্ৰতিনিধি আছিল। ঠিক সেইদৰে অসমত  ১২৬ জনীয়া বিধান সভাৰ ২০২১ চনত  ৩১জনলৈ উন্নীত হোৱা বিধায়কৰ সংখ্যা ২০১৬ ৰ বিধানসভা নিৰ্বাচনত ২৯ আৰু ২০১১ চনৰ ২৮জন। অসমত মুছলমান বিধায়ক সংখ্যা বৃদ্ধি অন্যতম কাৰণ হল কংগ্ৰেছ -এআইইউডিএফ মহাজোট বন্ধন। ১৯৮৩ চনত অসম আন্দোলনৰ  সময়ত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনৰ ৩৩জনৰ পিছতেই এই সৰ্বোচ্চ সংখ্যা। এইবাৰৰ এই ৩১জন বিজয়ী বিধায়কৰ  ভিতৰত ১৬জন কংগ্ৰেছ দলৰ আৰু ১৫জন এ আই ইউ ডি এফ দলৰ পৰা নিৰ্বাচিত হৈছে।  কেৰেলাতো মুছলমান বিধায়কৰ সংখ্যা বৃদ্ধি পাইছে। নিৰ্বাচনত প্ৰকাশিত তথ্য অনুসৰি নবনিৰ্বাচিত ১৪০ জন সদস্যৰ  কেৰেলা বিধান সভাৰ ৩২ জন মুছলমান বিধায়ক জয়ী হৈছে। ইয়াৰে ১৫জন ইন্ডিয়ান ইউনিয়ন মুছলিম লীগ (আই ইউ এম এল), বাকী তিনিজন কংগ্ৰেছৰ, ৯ গৰাকী চিপিআই -এম ৰ, ইন্ডিয়ান নেচনেল লীগ আৰু নেচনেল চেকুলাৰ সন্মিলন প্ৰত্যেকৰে পৰা এজনকৈ আৰু তিনি নিৰ্দলীয় হিচাপে নিৰ্বাচিত হয়। তামিলনাডুত ৬জন ডিএমকেৰ , অল ইণ্ডিয়া আনা মুন্নেত্ৰা কাজগম(এ আই ডি এম কে)আৰু বিদুথলাই চিৰুঠাইগাল কাচি(ভিচিকে)। পন্ডিচেৰীত এখনকৈ আসন লাভ কৰিছে।
তৃতীয় বাৰৰ বাবে বংগত তৃণমূল চৰকাৰ ক্ষমতাত অহাৰ পিছত ৪৩ জনীয়া মন্ত্ৰীসভা পৰিষদে শপত গ্ৰহণ কৰে। এই ৪৩ জনীয়া মন্ত্ৰীসভা পৰিষদৰ সাত গৰাকী ধৰ্মীয় সংখ্যালঘু মুছলমান প্ৰতিনিধি। বিগত চৰকাৰত সাতগৰাকী মন্ত্ৰী আছিল যদিও পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী আছিল তিনিজন আৰু এই বাৰ এই সংখ্যা চাৰিলৈ বৃদ্ধি পাইছে। পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰী চাৰিজন হ'ল ক্ৰমে ফিৰহাদ হাকিম, জাভেদ আহমদ খান, মৌলানা চিদ্দিকুল্লাহ চৌধাৰী আৰু গোলাম ৰাব্বানী। আনহাতে স্বতন্ত্ৰ মন্ত্ৰী হিচাপে হুমায়ুন কবিৰ আৰু ৰাজ্যিক মন্ত্ৰী হিচাপে আখেৰুজ্জামান আৰু চাবিনা ইয়াচমিন। ২০১১ চনৰ মমতা মন্ত্ৰীসভাতো প্ৰথম মহিলা মন্ত্ৰী হিচাপে স্থান পাইছিল চাবিনাই। আনহাতে স্বাধীনতাৰ পিছত এয়াই প্ৰথম এজন মৌলানাই বংগৰ বিধান সভাত পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰীত্ব লাভ কৰিছে।তামিলনাডুত এইবাৰ ডিএমকে দল এন ডি এৰ অন্তৰ্ভুক্ত এআইএডিএমকেক পৰাজিত কৰি শাসনৰ বাঘজৰী হাতত লৈছে। ইতিমধ্যে ডিএমকেৰ প্ৰধান এম কে ষ্টেলিনে মুখ্যমন্ত্ৰী হিচাপে শপত লৈছে।ষ্টেলিনৰ মন্ত্ৰী পৰিষদত মুঠ ৩৪ গৰাকী মন্ত্ৰী দুগৰাকীয়ে মুছলমান প্ৰতিনিধিয়ে স্থান লাভ কৰিছে। ২০১১ চনৰ লোকপিয়ল অনুসৰি তামিলনাডুৰ মুছলমানৰ জনসংখ্যা ৫. ৩৮%। এইবাৰ তামিলনাডু বিধানসভা নিৰ্বাচনত সাত গৰাকী মুছলিম বিধায়ক জয়ী হৈছে। ইয়াৰে ডিএমকে দলৰ পৰা মন্ত্ৰীত্ব লাভ কে এছ মাসথানক সংখ্যালঘু উন্নয়ন,শৰনাৰ্থী আৰু ওৱাকফ্ বৰ্ড দপ্তৰত আৰু আৰ এছ এম নাচাৰক  দুগ্ধ আৰু দুগ্ধজাত পণ্য দপ্তৰত মন্ত্ৰীত্ব দিয়া হয়। ডিএমকে দলৰ পৰা জয়ী তিনিগৰাকীৰ দুগৰাকীয়ে মন্ত্ৰীত্ব লাভ কৰাত তামিলনাডুৰ মুছলমানসকল অত্যন্ত সুখী। ষ্টেলিনৰ পিতৃ এম কৰুণানিধিয়ে ও মুছলমানসকলক কেবিনেট মন্ত্ৰী হিচাপে স্থান দিছিল। কিন্তু বিজেপিও এআইএডিএমকেৰ সময়ত মুছলিম প্ৰতিনিধি বিহীন মন্ত্ৰী পৰিষদ আছিল।
                                            
অৱশেষত অসমতো বহু জল্পনা কল্পনাৰ অন্তত বিজেপিৰ উত্তৰ পূৱৰ অন্যতম নেতা, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে গঠন হল  মন্ত্ৰী পৰিষদ।  যোৱা কাৰ্যকালতে অসমৰ ৰাজনীতিত অভিলেখ সৃষ্টি কৰি বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰে ধৰ্মীয় সংখ্যালঘু মুছলমানবিহীন পূৰ্নাঙ্গ মন্ত্ৰীসভা গঠন কৰিছিল । যোৱা কাৰ্যকালতে সোণাই সমষ্টিৰ পৰা বিজেপিৰ একমাত্ৰ  বিধায়ক হিচাপে জয়ী হোৱা আমিনুল ইছলাম লস্কৰ বঞ্চিত হৈছিল মন্ত্ৰীত্ব লাভ পৰা। এইবাৰ অসম বিধানসভাত বিজেপিৰ কোনো মুছলমানৰ প্ৰাৰ্থী জয়ী নোহোৱাত  প্ৰাক স্বাধীনতা কাল তথা স্বাধীনতাৰ পৰবৰ্ত্তী সময়ত এয়া দ্বিতীয়বাৰৰ বাবে  মন্ত্ৰীসভাত উপেক্ষিত হব এক বিশেষ সম্প্ৰদায়ৰ প্ৰতিনিধি । কেবিনেট হ’ল সিদ্ধান্ত গ্ৰহণৰ সৰ্বোচ্চ কতৃপক্ষ। এই কেবিনেটেও ৰাজ্যখনৰ সিদ্ধান্ত গ্ৰহণৰ ব্যৱস্হাটোত মুছলমান সম্প্ৰদায়ৰ অংশ গ্ৰহণৰ পৰা বঞ্চিত কৰিব। 

নুৰ হুছেইন
বিশ্বনাথ চাৰিআলি 
৯৪৩৫৮১৮৭২৬

Post a Comment

1Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment