মুক্ত-নিজৰা বৰ্মন ডেকা

©Admin
0
আজি শ্ৰমিক দিৱস উপলক্ষে গাওঁৰ পুথিভঁৰালত ল’ৰা সকলে পতা সভাখনৰ সভাপতিৰ বাবে সমাজৰ আগশাৰীৰ ব্যক্তি কমলাপ্ৰসাদ চৌধুৰীক নিমন্ত্ৰণ কৰিছিল৷ যথাসময়ত উপস্থিত হোৱাৰ বাবে চৌধুৰীয়ে খৰধৰকৈ গাড়ীখন উলিয়াই মচিব ধৰিছে মাত্ৰ ,ঠিক সেই সময়তে এজন দহ বছৰীয়া ল’ৰাই দৌৰি আহি ক’লে  চাৰ আপোনাৰ গাড়ীখন মই চাফা কৰি দিম ৷বিনিময়ত মোক বিশ টকা দিলেই হ’ব  ভনীজনীলৈ খোৱা বস্তু নিম ৷ চৌধুৰীয়ে সচৰাচৰ সৰু ল’ৰা ছোৱালীক মৰম তথা সহায় কৰি ভাল পায়৷ তাতে আজি তেওঁৰ কাৰণে আনন্দৰ দিন৷ শ্ৰমিক দিৱসত সহায় কৰিব পাই মনত ভাল লাগিল আৰু ল’ৰা জনক শ্ৰমিক হোৱাৰ পৰা বচাই নিজৰ ঘৰত নিজৰ সন্তানৰ দৰে ৰাখি পঢ়ুৱালে ৷আৰু যিসকলে শিশু শ্ৰমিক ৰাখিছে তেওঁলোকক তীব্ৰ গৰিহনা দিলে৷ লগতে শিশু সুৰক্ষা আচনিৰ জৰিয়তে বহুতো শিশু শ্ৰমিকক গাওঁৰ সেই সভাখনলৈ আনি সহায়ৰ হাত আগবঢ়াই মুক্ত জীৱন দান কৰিলে ৷

    ✍️নিজৰা বৰ্মন ডেকা ৷

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)