আমিও মানুহ-পৰিস্মিতা তালুকদাৰ

আমিও মানুহ
আমাকো জীয়াই থাকিব দিয়া
দহন কৰি নিজকে জীয়াই তুলিছোঁ, 

আনৰ ককৰ্থনাৰ বলি হৈ 
নীৰৱে সহিছোঁ
সহনশীলতাৰ মাজেৰে 
কেতিয়াবা নিজকে বলিদান দিছোঁ 

সহস্ৰ চুমিলা,দ্বিপশিখা ৰ উৎপত্তি ইয়াতেই
কিন্তু নীৰৱে আমি কিমাননো
সহিম? 

আমিও মানুহ

   ✍️পৰিস্মিতা তালুকদাৰ
         চামতা ,, নলবাৰী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send