আজি-কালি বহুত মানুহে ভাবে যে আধুনিকতা মানে দামী দামী কাপোৰ পিন্ধা,ৰেষ্টোৰাত গৈ ফাষ্টফুড খোৱা,চহৰৰ নামী দামী দোকানত গৈ কাপোৰ কিনা,হাতত স্মাৰ্টফোন লৈ ঘূৰা ইত্যাদি ইত্যাদি।কিন্তু যদি সেই দামী কাপোৰ পিন্ধা,ৰেষ্টোৰাৰ বিভিন্ন ফাষ্টফুডৰ নামৰ তালিকাখন জিভাৰ আগত থকা মানুহজনে পৰৰ সমালোচনা কৰি ফুৰি আনৰ কৰ্মত নিম্ন চিন্তাৰে মন্তব্য দিয়ে অথবা ঠেক মনোবৃত্তিৰ হয় সেই মানুহজন কেনেকে আধুনিক হ'ব।
আচলতে আধুনিকীকৰণ বাহ্যিকভাৱে নহয়;হ'ব লাগিব আভ্যন্তৰীণভাৱে।এজন গাড়ী নোহোৱা,স্মাৰ্টফোন নথকা বা বৰ্তমান প্ৰযুক্তি বিদ্যাৰ সতে চিনাকী নথকা বা বৰ্তমান প্ৰযুক্তি বিদ্যাৰ সতে চিনাকী নথকা বা এজন সাধাৰণ মানুহৰ চিন্তাও অতি উচ্চ হ'ব পাৰে।চিন্তাৰ আধুনিকীকৰণকহে প্ৰকৃত আধুনিকীকৰণ বুলিব পাৰি।বিলাসী জীৱনৰ পিছে পিছে জীৱন উপভোগ কৰিব বিচৰা সকলৰ চিন্তাক প্ৰকৃত আধুনিকীকৰণ বুলিব নোৱাৰি।
✍️পংকিতা কলিতা(পলী প্ৰিয়া)
দৰং(অসম)
হাজৰিকাপাৰা
খুব সুন্দৰ মনোভাৱ প্ৰকাশ কৰিছে। ভাল লাগিল। আগলৈও এনেদৰে লিখি যাওক। শুভেচ্ছাৰে
ReplyDelete