বাস্তৱতা-নিশাশ্ৰী দেৱী

©Admin
0
বৰ্তমান ৰঙীন জগতৰ মাজত
আমি নিজকে কিয় পাহৰি পেলাইছো ?
কিয় পাহৰি গৈছো নিজৰ বাস্তৱতাক ?

বৰ্তমানৰ ৰঙীন জগতৰ মাজত উটি-ভাঁহি ফুৰি আছোঁ আমি
নিজক পোছাক - পৰিচ্ছদেৰে সজাই আছোঁ আমি ।
কিন্তু সক্ষম হ'ব পৰিছো জানো 
বাস্তৱতাৰ কঠিন প্ৰশ্নৰ উত্তৰ দিবলৈ ?
নে আমি যত্ন কৰিছো ?
নাই , আমি সক্ষম হোৱাটো বাদেই
যত্নও কৰা নাই বাস্তৱতাৰ প্ৰশ্নৰ
সঠিক আৰু সম্পূৰ্ণ উত্তৰ দিবলৈ ।
মাত্ৰ আমি জিলিকি থকা কাপোৰেৰে 
নিজৰ দুখ ঢাকিবলৈ লগতে মৰ্যদা ৰাখিবলৈ
নিজকে সজাই আছোঁ প্ৰতিমাৰ দৰে ।

কিন্তু কোন হ'ব বাস্তৱতাৰ মুখা-মুখি ?
কোনে দিব বাস্তৱতাই কৰা প্ৰশ্নৰ সঠিক উত্তৰ ? 
                   
 ✍🏻নিশাশ্ৰী দেৱী

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)