সপোন-গিতুমণি কলিতা

নিস্তব্ধতা ভেদি বাজি উঠিছে 
চাৰিওপিনে উচুপনি  
কেউফালে মাথোঁ হাঁহাকাৰ 
চাৰিওপিনে অভাৱ- অনাটন।
     সৌৱা, 
সিহঁতবোৰৰ উচুপনি পষ্ট
হৈ আহিছে 
কেৱল মাঁথো 
ভবিষ্যত নোহোৱা
অসংখ্য আশা 
বুকুত বান্ধি ৰচিছে 
এবুকু সপোন। ।

      ✍গিতুমণি কলিতা 
            দৰং ( অসম  ) 
            হাজৰিকাপাৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send