প্ৰথিতযশা সাহিত্যক মহীৰূহ হোমেন বৰগোহাঞি মহাপ্ৰস্থান-চিন্ময় ডেকা

©Admin
0
বিশ্বত বহু লেখক , সাহিত্যিক ,ৰাজনীতিবিদ , সাংবাদিক আছে ; কিন্তু সকলোকে জনপ্ৰিয় , আদৰ্শৱান , ভাৱাত্মকবোধ বুলি আখ্যা দিব নোৱাৰি। তেনেস্থলত হোমেন বৰগোহাঞি ছাৰ আছিল এজন আদৰ্শৱান , জনপ্ৰিয় লেখক , পথ-প্ৰদৰ্শক , তথা সাহিত্যিক আৰু ঔপন্যাসিক । এই ক্ষেত্ৰত কাৰোৰে সন্দেহ নাই ! তেওঁৰ লিখনি আৰু আদৰ্শনিষ্ঠ মনোভাৱ সমূহে যুৱ-প্ৰজন্মক অনুপ্ৰাণিত কৰি আহিছে। তেওঁৰ প্ৰত্যেকটি লিখনি মাজেৰে অনন্য মাদকতাৰ বহিঃপ্রকাশ ঘটে । শিশুৰ পৰা বৃদ্ধলৈ সকলোৱে একেমুখে স্বীকাৰ কৰে যে , শ্ৰদ্ধাৰ হোমেন বৰগোহাঞি ছাৰ আছিল অসমীয়া জাতীয় জন-জীৱনত মহীৰূহ , অভিভাৱক তথা পথপ্রদর্শক। জাতীয়তাবাদক শক্তিশালী কৰাৰ ক্ষেত্ৰত তেওঁৰ যি অৱদান সেয়া সঁচাকৈ অতুলনীয় আৰু অদ্বিতীয়। অসম সাহিত্য সভাৰ সন্মানীয় সভাপতিৰ আসন অলংকৃত কৰাৰ পৰা আৰম্ভ কৰি সৃষ্টিশীল আৰু সমৃদ্ধিশালী ৰচনা সম্ভাৰেৰে জাতীয় সাহিত্যক বিশ্বৰ আগত সফলতাৰে দাঙি ধৰালৈকে লগতে বিভিন্ন জনপ্ৰিয় তথা উচ্চ মানদণ্ডৰ আলোচনী সম্পাদনাৰ জৰিয়তে এক ধনাত্মক অথবা ইতিবাচক বৌদ্ধিক চিন্তাৰ বিকাশ সাধন কৰাই হওঁক ! সকলো কৰ্ম একনিষ্ঠ , সততাৰ মাজেৰে তেওঁ কেৱল মাত্ৰ অসমী আইৰ সেৱা আগবঢ়াইছিল। 
 বৰগোহাঞি দেৱে জন্ম লাভ কৰা লখিমপুৰ জিলাৰ ঢকুৱাখনা অন্য বহু চহৰ-নগৰতকৈ সৰু হ'লেও আজীৱন সাধনাৰে ,  কৰ্তব্য নিষ্ঠাৰে অসমৰ সাহিত্য-সংস্কৃতি , সংবাদ আদি জগতলৈ মহান অৱদান আগবঢ়াইছে । তেখেতৰ জীৱন , কৰ্ম , চিন্তা আৰু আদৰ্শই অসম আৰু অসমীয়াক অনুপ্ৰাণিত কৰাই নহয় , জীৱনৰ সঠিক পথৰ সন্ধানত পথ প্ৰদৰ্শক ৰূপে জনজীৱন ফলপ্ৰসূ কৰি তুলিছিল । এগৰাকী নিজে স্বনামধন্য ব্যক্তি হোৱাৰ উপৰি শ্ৰীময়ী অসমীক সকলো ক্ষেত্রতে চহকী কৰি থৈ গৈছে। তেওঁ আছিল একাধাৰে  সাহিত্যক ,  শিক্ষাবিদ , বুদ্ধিজীৱী , সাংবাদিক আৰু লগতে সমাজ সেৱক ইত্যাদি।আজিৰ পৰা প্ৰায় ৮৯ বছৰ আগতে বৰগোহাঞি জন্ম লাভ কৰিছিল। পিতৃ-মাতৃৰ সজ নিষ্ঠা , আদৰ্শ , সংস্কৃতিৱান গুণৰাশি উত্তৰাধিকাৰী সূত্ৰে লাভ কৰিছিল হোমেন বৰগোহাঞি আৰু পৰিয়ালটোৰ আন আন সদস্যই। অসমৰ বাৰেৰহণীয়া সাংস্কৃতিক বাতাৱৰণত ডাঙৰ-দীঘল হোৱা বৰগোহাঞিয়ে সংস্কৃতিৰ সমলকে মূলধন হিচাপে গঢ় দি নিজৰ বিশাল জ্ঞানৰ সত্তাক গঢ় দিছিল নিজ ব্যক্তিত্বত । এই সময়ত মাত্ৰ তেওঁৰ সবল ব্যক্তিত্ব আৰু উচ্চ চিন্তাইহে আমাৰ মন- মগজুত ক্ৰিয়া কৰিছে। তেওঁৰ দৰে বৌদ্ধিক চিন্তাৰ অধিকাৰী হ'ব লাগিব আমাৰ দৰে যুৱপ্ৰজন্ম আৰু লগতে শিক্ষাৰ্থী সকল। ছাৰৰ কৰ্মক এক নিষ্ঠাৰে বৈজ্ঞানিক মানসিকতাৰে আৰু ধনাত্মক চিন্তাৰে আগবঢ়াই নিবলৈ আমাৰ দৰে যুৱপ্ৰজন্ম‌ই চেষ্টা কৰিব লাগিব। শেষত তেওঁৰ প্ৰতি গভীৰ শ্ৰদ্ধাৰে তেখেতৰ আদৰ্শগত গুণৰাশিক স্মৰণ কৰিলোঁ ।


            ✍️চিন্ময় ডেকা, 
                 টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)