হৃদয়খনেও উচুপিছে নিঃশব্দে
উভতো বুলিয়েই যে উভতিব নোৱাৰোঁ
এৰি অহা সময়খিনিলৈ ।
পাতো বুলিয়েই পাতিব নোৱাৰোঁ
এতিয়া অন্তহীন আলাপ
ডিপাৰ্টমেণ্টৰ আগৰ কৃষ্ণচূড়াজোপাৰ ছাঁত
নাইবা কলেজ কেম্পাচৰ বাগিচাখনৰ কাষত ।
গৃহবন্দী আমি এতিয়া
ফোনকল বা মেছেজতে আবদ্ধ
অপেক্ষা মাথোঁ এদিন
আকৌ ভাল দিন আহিব।
সময়ৰ এটি পৰিধিত ৰৈ গ'ল
হাঁহি - কান্দোন , সুখ - দুখ
এতিয়া বুকুত সযতনে সাঁচিম
প্ৰাপ্তি - অপ্ৰাপ্তিৰ বেষ্টনীত
এটি মধুৰ স্মৃতি ।।
✍🏻কৰবী দাস
দৰং(নগাঁও)
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ