মোৰ জীৱনত এনে হৈছিল চান্দমাৰিৰ অভাৰ ব্রীজ-বাণীকান্ত লহকৰ

©Admin
0

চান্দমাৰিৰ অভাৰ ব্রীজ তলত সম্মুখা সম্মুখিকৈ দুজন বাইকচালক যুৱক, দুয়োৰে পিছচিটত দুজনী গার্লফ্রেইন্ড ভীষণ তৰ্ক যুদ্ধত অৱতীৰ্ণ হৈ বাইকৰ ৰেছ বঢ়াই শব্দ প্ৰদূষিত কৰি কৰি পুৰা তেলৰ দুগন্ধই ঠাই টুকুৰা আলোড়িত কৰি থাকোতে, আগৰ পৰা খাপ পিতি থকা কেইটামানে চাৰিওফালে দুর্ঘটনা বুলি প্ৰচাৰত লাগি যোৱাৰ লগে লগে ঠাই টুকুৰা লোকে লোকাৰণ্য হৈ পৰাত ভিৰ থেলি থেলি পুলিচ ইন্সপেক্টৰৰ পোছাক পৰিহিত মই ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ বুজ লোৱাৰ চলেৰে মুখ্য উদ্দেশ্যেৰে একত্রিত জনগণৰ ওচৰত মুখ্য ভুমিকাৰে অবাবত সৃষ্টিকৰা শব্দ প্ৰদূষণ আৰু তেল পুৰি পুৰি অবাবত ধ্বংস কৰাৰ বিপৰীতে তৈল সংৰক্ষণৰ বাবে সকলোকে জাগ্রত কৰি তোলা পদক্ষেপেৰে ভাৰতীয় তেল নিগমৰ, গুৱাহাটী শোধানাগাৰৰ প্ৰচেষ্টাত অংশীদাৰী এক সবল বাটৰ নাট, যি গোটেই নগৰত ঘূৰি ঘূৰি কৰা হৈছিল সেইদিনবোৰ যে কেনেকৈ অতীত হ'ল ।

✍️বাণীকান্ত লহকৰ

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)