বন্ধুত্ব‌-এক মধুৰ সম্পৰ্ক-জুৰি দাস

©Admin
0
বন্ধুত্ব হৈছে এনে এক সম্পৰ্ক যিটো আন সম্পৰ্কৰ লগত তুলনা কৰিবলৈ খুব জটিল। ব্যক্তি মাত্ৰেই বন্ধু ।দুজনৰ মাজত বন্ধুত্ব গঢ়িবলৈ হ'লে দুটা পবিত্ৰ মনৰ প্ৰয়োজন। য'ত থাকিব মৰম, ভালপোৱা আৰু বিশ্বাস। প্ৰকৃত বন্ধুৱে জীৱনৰ প্ৰয়োজনৰ সময়ত  যেনে-সুখ , দুখ , বিপদ , নিসংগতা , ৰোগ আদিত তেওঁৰ সংগ নেৰা,এজনে আনজনৰ লগত মনৰ কথাবোৰ আদান-প্ৰদান কৰা গুণবোৰ থাকিব লাগে । তেনে এক বন্ধুত্বৰ উদাহৰণেৰে এটি গল্প ।

      জ্যোতি আৰু প্ৰীয়া দুয়ো সৰুৰে পৰাই একেখন গাঁৱৰ নলে-গলে লগা বান্ধৱী আছিল।দুয়ো একেলগে বিদ্যালয়লৈ যায়, একেলগে বহে। এনেদৰেই কেইবাবছৰ পাৰ হৈ গ'ল। এতিয়া দুয়ো দশম শ্ৰেণীৰ ছাত্ৰী। প্ৰীয়াৰ আৰ্থিক অৱস্থা ভাল নহয় যদিও তাই অনুভৱ কৰিব নোৱাৰাকৈ দেউতাকে সকলো সুবিধা দিছিল।  সেইবাবে তাই দেউতাকৰ কষ্টৰ মূল্য দিবলৈ ভালদৰেই পঢ়া-শুনা কৰিছিল।
          আনফালে জ্যোতি ৰ দেউতাকে শিক্ষকতা কৰে আৰু আৰ্থিক অৱস্থাও টনকিয়াল। প্ৰীয়াৰ দৰে তাইকো দেউতাকে সকলো সুবিধা দিছিল। যদিও তাই পঢ়া-শুনাত মনোযোগ নিদিয়ে। চাওঁতে চাওঁতে পৰীক্ষা আহি ওচৰ পালে। দুয়োৰে পৰীক্ষা ভাল হৈছিল যদিও জ্যোতি ৰ প্ৰীয়াতকৈ ভাল হোৱা নাছিল।
       পৰীক্ষাৰ ফলাফল ঘোষণা হ'ল । দুয়ো উত্তীৰ্ণ হ'ল যদিও প্ৰীয়াই ষ্টাৰ নম্বৰ সহ আৰু জ্যোতি মাত্ৰ প্ৰথম বিভাগত উৰ্ত্তীণ হ'ল। গাঁৱৰ মানুহৰ প্ৰীয়াৰ উন্নতি দেখি সিহঁতৰ প্ৰতি হিংসা বৃদ্ধি হ'বলৈ ধৰিলে । তেওঁলোকে প্ৰীয়া আৰু জ্যোতি ৰ সম্পৰ্ক কেনেকৈ নোহোৱা কৰিব পাৰি তাকে চিন্তা কৰি প্ৰীয়াৰ বিৰুদ্ধে জ্যোতি ক নানা ধৰণৰ কথা লগালে। প্ৰথমতে জ্যোতিয়ে কথাবোৰ বিশ্বাস কৰা নাছিল যদিও পিছলৈ বিশ্বাস কৰিবলৈ বাধ্য হ'ল। এনেদৰে সিহঁতৰ বন্ধুত্বই ফাঁট মেলিলে। এনেদৰে দুয়ো বেলেগ কলেজত নাম ভৰ্তি কৰিলে। কিছুদিন যোৱাৰ পাছত এক ঘটনা ঘটিল।কলেজৰ পৰা আহি থাকোতে হঠাৎ এখন গাড়ী আহি জ্যোতি ক উঠাই লৈ গ'ল। প্ৰীয়াই ঘটনাটো দেখি লগে লগে পুলিচক জনালে। লগতে জ্যোতিৰ পৰিয়ালকো জনালে। বহুসময়ৰ পিছত পুলিচে তাইক উদ্ধাৰ কৰিলে। আৰু অপহৰণকাৰী দলটো গ্ৰেপ্তাৰ কৰিলে। তেতিয়া জ্যোতিয়ে প্ৰীয়াক সাবটি ক'লে- "মোক ক্ষমা কৰিবি , মই অন্যৰ কথা শুনি ডাঙৰ ভুল কৰিলোঁ। তই নোহোৱা হ'লে আজি মই কিজানি জীয়াই নাথাকিলোঁহেতেন। বিপদত সহায় কৰা জনহে প্ৰকৃত বন্ধু। এনে এনাজৰী কোনেও ছিঙিব নোৱাৰে।আৰু ছিঙিলেও এদিন জোৰা লাগিবই।" এনেদৰেই দুয়ো আগৰ দৰেই বান্ধৱী হৈ পৰিল।
                               
✍️জুৰি দাস

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)