প্ৰেম-সন্দেহ আৰু সচাঁ অৰ্থ- উৎপল মৰাং

©Admin
0
প্ৰেম প্ৰেম বুলি জগত বলিয়া,তথাপি প্ৰেম পাবলৈ নাই।'ভেলেন্টাইন ডে'প্ৰেমৰ এটা বিশেষ দিন।কিন্তু প্ৰেমৰ বাবে এটা বিশেষ দিন উচিত জানো?প্ৰকৃত প্ৰেমৰ কি দিন ৰাতি?মই নকওঁ যে বৰ্তমান যুগত প্ৰকৃত প্ৰেম পাবলৈ নাই।আছে,প্ৰকৃত প্ৰেমো আছে,আমি বিচাৰিব নাজানো কাৰণে হয়তো নাপাওঁ।
       প্ৰেমত কোনো চৰ্ত,নাই সন্দেহ,আছে মাথোঁ অন্তহীন বিশ্বাস আৰু যুক্তিৰ এক অনাবিল আনন্দ; যাৰ লগত একোৰে তুলনা নহয়।তুমি যদি প্ৰেমত পৰিছা,যদি প্ৰেমত পৰাৰো যুক্তি বিচাৰি পাইছা,সেয়া ভুল,প্ৰেম হ'ব নোৱাৰে।কাৰণ তুমি হৃদয়ৰে নহয়,মগজুৰেহে প্ৰেমৰ কথা ভাবিছা।আৰু প্ৰেম মগজুৰে নহয়,হৃদয়ৰ পৰাহে হয়।কিন্তু সমস্যাতো তাতেই আহি পৰে।আমি বেছিভাগ মানুহেই আকৰ্ষন বা মোহকে প্ৰেম বুলি ভাবি লওঁ।কেতিয়াবা কোনো ল'ৰাই কোনোবা ছোৱালীৰ হাঁহিটো দেখি প্ৰেমত পৰে,কোনোবাই আকৌ চকুদুটি দেখি।কেতিয়াবা কোনো ছোৱালীয়ে যদি সুন্দৰ দেহৰ অধিকাৰী ল'ৰাৰ প্ৰেমত পৰে,কোনোবাই আকৌ জ্ঞানৰ দীপ্তি দেখি প্ৰেমত পৰে।এইবোৰ মাথোঁ খন্তেকীয়া আকৰ্ষণ বা মোহ।যেতিয়ালৈকে আকৰ্ষণৰ কাৰণবোৰ থাকে তেতিয়ালৈকে প্ৰেম থাকে,যেতিয়া কাৰণবোৰ নোহোৱা হয় প্ৰেমো শেষ হয়।তাৰ মাজতেই আকৌ ইজনে সিজনক সন্দেহ কৰি অনৰ্থক কথা কিছুমানত লাগি নিজৰ লগতে ভালপোৱাজনৰো অশান্তি সৃষ্টি কৰে।আটাইতকৈ ডাঙৰ সমস্যাটো হয় তেতিয়াই যেতিয়া প্ৰেমৰ নামত উদ্ভণ্ডালি কৰি ফুৰে।পঢ়া-শুনা ধ্বংস কৰেই লগতে নিজকো ধ্বংস কৰে।কেতিয়াবা ক্ষন্তেকীয়া সন্দেহ আৰু খঙৰ বাবেই আত্মহত্যাৰ দৰে পথো বাছি লয়।প্ৰেম সন্দেহ হ'ব নোৱাৰে,কিন্তু ইয়াক সন্দেহ কৰা যায়।
        প্ৰথমে নিজক প্ৰেম কৰিবলৈ শিকা,প্ৰেমৰ প্ৰকৃত অৰ্থ বুজিবলৈ চেষ্টা কৰা।কাৰোবাক ভালপালে বুলিয়েই যে,কেৱল তোমাৰ হ'ব লাগিব বা তেওঁ তোমাৰ নহ'লে তোমাৰ জীৱন আৰু প্ৰেমৰ মূল্য নাথাকিব,এনে ধাৰণা লৈ নাথাকিবা।তুমি যাক ভালপোৱা,কিন্তু তেওঁ তোমাক ভাল নেপাবও পাৰে,সেইবুলি তেওঁক জোৰকৈ নিজৰ কৰিবলৈ চেষ্টা নকৰিবা।
''প্ৰেম মানেই আত্মহত্যা নহয়।''

                 ✍🏻উৎপল মৰাং

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)