প্ৰতিক্ষণে তোমাৰ কথাই কঁঠিয়া সিঁছে,
এতিয়াটো তোমাৰ হৃদয়ৰ মই নিয়মীয়া শ্ৰোতা ৷
তোমাৰ বাবে এটি নিৰিবিলি পুৱা
এদিন আহিবা,
দিনটো কঁকালত বান্ধি
নীলা পখিলাজনী ৷
দুহাতত জেতুকা বুলাই দিম
বৈ যাবলৈ খুলি ৰাখিম হৃদয়ৰ নঙলা ৷
প্ৰেম কলেজৰ প্ৰেমিকাজনী নদীখনৰ ইটো পাৰে আছে,
নামভৰ্তি কৰিব খুজিও থমকে দুভৰি ৷
এতিয়া যে তাইৰ হৃদয়খনত বহুত ভিৰ ৷
ভাল লগাবোৰ ক্ষন্তেকীয়া হ'ব ধৰিছে
তামোলৰ হেলেঙীত ..,
পিয়াহৰ পানীটুপি দিবলৈও
আপোন মানুহবোৰ হেৰাই গৈছে
তথাপিও কাৰো ওপৰত অভিযোগ নাই।
হৃদয়খনো বেইমান হব ধৰিছে ,
নষ্ট নয়নে যাকেই দেখে তাৰেই প্ৰেমত মুগ্ধ ৷
ফাগুন আহিছে
মতলীয়া ফাগুনত হৃদয়খনো চঞ্চল,
হাবিয়াস বহুত গভীৰ
বৃষ্টি ভৰা বাৰিষাত আহিবা
দুয়ো একেলগে জুৰুলি হ'ম
আবেলি আহিবা মোৰ চুবুৰীলৈ,
চাই যাবাহি
কিদৰে মালতীৰ বুকুত ভাৱৰীয়া বিষাদৰ হেতেলি
আহিবা তুমি নীলা পখিলাজনী,
মৰমৰ জোলোঙাখনি লৈ
জোনবাই ঘৰত তৰাৰ সৈতে কথা হ'ম
তোমাৰ শীতল হাঁহিৰ পৰশে বিশ্ব জয় কৰিব
মই যে পৰাধীন হ'ম ৷
এদিন আহিবা
দিনটো কঁকালত বান্ধি
নীলা পখিলাজনী
দুহাতত জেতুকা বুলাই দিম ৷
✍️নীলপ্ৰতিম বৰা,টীয়ক
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ