মাতৃ হৃদয়ৰ আকুলতা-পংকিতা কলিতা

©Admin
0
বিধৱা নিৰদাই পুতেক আহিব বুলি পুতেকে ভাল পোৱা ঢেঁ‌কীয়া শাকৰ সতে নেমুটেঙা আৰু মাটিৰদাইলৰ সতে কলপছলা ৰান্ধি খুব আগ্ৰহেৰে বাট চাই আছে।
    ওচৰতে বিয়া হোৱা বিমলা ভনীয়েকে হঠাতে আহি মাত লগালে,
ঃ-"বাইদেউ,ইমানকে কাৰ বাবে অপেক্ষা কৰি আছানো?"
ঃ-অহ! বিমলা,আজি আমাৰ বাবা অহাৰ কথা।সি কালি ফোন কৰি মোক আহিম বুলি কৈছিল।ছুটী পাইছে বোলে।কিন্তু তিনি বাজি গ'ল।এতিয়ালৈ দেখা-দেখি নাই! 
ঃ-বাইদেউ,এয়া কি কৈছে, বাবা অনুজটো আমাক এৰি যাব দুবছৰ হৈ গ'ল...
     নিৰদাই তেতিয়াহে অনুভৱ কৰিব পাৰিলে যে তাইৰ সেয়া সপোন।সপোনত দেখা কথাকে পুত্ৰস্নেহত পূৰ্ণ হৈ থকা মাতৃ হৃদয়খনে বাস্তৱ বুলিয়ে মানি লৈ আছে।
        যিজন অনুজ দুবছৰ আগতেই সৈনিক জীৱনলে গৈ হঠাৎ মৃত্যুক সাৱটি ল'ব লগাত পৰিছিল।সেই অনুজ জানো অকলশৰীয়া মাকৰ ওচৰলৈ আহিব...?
        নিৰদাৰ হৃদয়খনে উচুপি উঠিল আৰু একেথিৰে আকাশখনলৈ চাই চাই শেষত বিমলাৰ কোলাত মূৰ থৈ পুতেকলৈ কৰি থকা অপেক্ষাৰ ভাগৰ পলাব চেষ্টা কৰিলে...।

         ✍️পংকিতা কলিতা(দৰং)

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)