অস্তৰাগত বিলীন হ'ল
বাস্তৱতাৰ কোলাহল;
উফ্
চাৰিওফালে কেৱল নিস্তবদ্ধতা,
দশোদিশ আৱৰি আছে ছাইৰঙী কʼলা কʼলা একো একোটি জীৱাশ্মই।
তামস আকাশৰ তলত এতিয়া মাথোঁ হাজাৰ হাজাৰ জনতাৰ অশ্ৰু নিগৰি বোৱা একোখনী বোৱতী নৈ।।
সময়েও যে পৰিসমাপ্তি হে বিচাৰি ফুৰিছে;
মৰুভূত এই পৃথিৱীয়ে ও যে
এক নিসংগতাত ভূগিছে।
বিচাৰিছে এখন নিকা নিস্তবদ্ধতাহীন সেউজীয়া ধৰনী,
এই যে মৰুভূমিৰ মৰিচিকাৰ পিছত দৌৰি দৌৰি ভাগৰি পৰিছে সাধৰন জনতা।।
প্ৰভাতি ৰাঙলী সূৰুযেও যে এতিয়া ভয় কৰে ,
আশাৰ ৰেঙনি সিঁচিবলৈ ।
ভয় কৰে কিজানিবা হাজাৰ হাজাৰ জনতাৰ কান্দোনৰ কোলাহল বোৰ শুনিবলৈ
মৰুভূত পৃথিৱীয়ে উদ্গীৰণ সৃষ্টি কৰে।।
🖋️কংকনা ডেকা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ