কোনেও বুজিব নোৱাৰা
কেইটামান কবিতা
লিখিবলৈ চেষ্টা কৰি আছোঁ।
অভিধানতো নথকা কিছুমান
টান শব্দ বিচাৰি থৈছোঁ।
কিছুমান
প্ৰতীক, উপমা আৰু ৰূপক,
লিখি থৈছোঁ।
তাকে সজাই পৰাই
কেইটামান কোনেও বুজিব নোৱাৰা
কবিতা লিখিব লাগিব।
পঢ়ুৱৈয়ে
যি বুজে বুজক,
সম্পাদকে
যি ভাবে ভাবক,
মুঠতে মই
কেইটামান কোনেও বুজিব নোৱাৰা
কবিতা লিখিব লাগিব।
দুটামান বাক্যত পাহাৰ থাকিব লাগিব,
দুটামান বাক্যত সাগৰ থাকিব লাগিব ৷
দুটামান শব্দত উজুটি খাব লাগিব,
দুটামান শব্দত উলুটি খাব লাগিব ৷
জনপ্ৰিয় কাকত, আলোচনীত
প্ৰকাশ হব পৰা,
অথচ কোনেও বুজিব নোৱাৰা
কেইটামান টান কবিতা,
পাৰিলে সোনকালেই লিখিব লাগিব।
'বিশিষ্ট কবি'ৰ স্বীকৃতি
পাৰিলে সোনকালেই লব লাগিব!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ