মোৰ হৃদয়লৈ বৈ
আহিবচোন,
ৰঙীন তুলিকা হৈ।
ওঠত মিঠা হাঁহিটি লৈ...
হাঁহিটি দেখিলোঁ
প্ৰেমতে পৰিলোঁ,
স্বাৰ্থহীন প্ৰেম মোৰ
আকলুৱা হৃদয়ত আপোনাৰ
যদি লয় আদৰি
নকৰো আমনি
শুই পৰিম
ৰহন সনা আপোনাৰ
দুবাহুৰ মাজত।।
সূৰুযৰ তেজেৰে
ৰাঙলী কৰিম আপোনাৰ বুকু
প্ৰেমৰ অঙঠা জ্বলিব
যেতিয়া তেতিয়া হৈ
পৰিম আপোনাৰ অৰ্ধাংগিনী।
✍️পংকিতা কলিতা(পলী প্ৰিয়া)
দৰং
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ