ঘূৰাই পাইছে হেৰুৱা সময়
চিনাকী ফাগুনৰ সুবাসত
উশাহবোৰ ঘন হৈ পৰিছে......
ক্ৰমশঃ......
জীৱনৰ নিচাত মাতাল হৈ গৈ আছে......।
আনন্দ আৰু বিষাদৰ পৃষ্ঠা লুটিয়াই
উত্তৰবিহীন প্ৰশ্নবোৰৰ সমিধান বিচাৰি
অভিমানৰ সাঁচতী খুলি লৈছোঁ
ক্ৰমশঃ......
বৈ গৈছে এমুঠি বেদনা......।
সুখৰ বেলিৰ ফাঁকেৰে জুমি চাওঁ
এপাহ-এপাহকৈ সৰি পৰিছে উশাহ
জীৱনৰ আবেলিত থমকি ৰৈ দেখোঁ
নুমাই যাব খোজা বন্তিৰ স্তিমিত শিখা
ক্ৰমশঃ......
পুৰণি হাঁহিৰ সন্ধানত......।
✍️ প্ৰজ্ঞা দেৱী ভূঞা
শিৱসাগৰ