আকাশ-কবিতা~পুলক উপাধ্যায়

©Admin
0

আকাশ খন সকলোৰেই প্ৰিয়, 
দিনত সূৰ্যৰ পোহৰ 
নিশা তৰাৰ তিৰবিৰণি 
আকাশতেই দৃশ্যমান ।

বৰষুণত তিতিও ভাল লাগে,
মুক্ত আকাশৰ তলত 
অকলশৰে বহিও ভাল লাগে,
স্বপ্নৰ পৃথিৱীত বিভোৰ হৈ 
আকাশখন নিচেই কাষত থকা যেন লাগে ।
আকাশত পাৰৰ দৰে উৰিব মন যায় ,
চিলনীৰ দৰে ফুৰিব মন যায় ।
    
  নিশা গভীৰৰ পৰা গভীৰলৈ গতি কৰে , 
আকাশৰ তৰাই স্বপ্নৰ পাখা মেলে ।

সৰুতে চন্দা মামাৰ কাহিনী শুনি আকাশত থকা জোনটো লৈ চাই থাকোঁ , 
আৰু আজি আকাশৰ জোনটিলৈ  চালে নষ্টালজিয়া 
হৈ পৰে এই মন ।

কাৰোবাৰ বাবে তৰা বুটলিবলৈ আকাশলৈ যাবলৈ হাবিয়াস ৰাখিছিলোঁ , 
কিন্তু আজি জীৱনটোৱেই হাস্যকৰ হৈ ৰ'ল ।

আকাশ আজি হঠাৎ ভাল নলগা হ'ল !
আকাশখনৰ দৰে স্বচ্ছ পৃথিৱীত কোনোৱেই নাই ,‌
সকলো ক'ৰবাত নহয় ক'ৰবাত ভেজাল , 
সেয়ে আকাশক চাই ঈৰ্ষা জাগে !
আকাশৰ দৰে সকলো স্বচ্ছ হোৱা হ'লে , অপৰাধ শব্দ নাথাকিল হয় অভিধানত ।
আকাশৰ দৰে সৌন্দৰ্য্যই সকলো হোৱা হ'লে
নাথাকিলে হয় ধনী-দুখীয়াৰ খেল ,  
এমুঠি অন্নৰ হাহাকাৰ ।

তথাপিও
আকাশলৈ চালে স্বপ্নই পাখি মেলে , 
জীৱনে ঘেৰি ধৰে।

🖋️পুলক উপাধ্যায়
দৰং মহাবিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)