বিবাহ বাৰ্ষিকি-দেৱশ্ৰী ওজা বৰা

আজি তেওঁলোকৰ হেনো দশম বিবাহ বাৰ্ষিকি ৷ তাইৰ আনন্দবোৰ ক্ৰমাৎ নাইকিয়া হৈ আহিল ৷ ৰাতিপুৱাই গোসাইঘৰটোত চাকি গছি জ্বলাই তাই আনদিনাৰ দৰে শাহুৱেকক চাহ দিবলৈ গ’ল ৷
         ঘপহকৈ শাহুৱেকে ননদক কোৱা কথাষাৰে তাইক হুলে বিন্ধাদি বিন্ধিলে ৷ কিমান শুনিব তাই ল’ৰা ছোৱালী নাইকিয়া বুলি আনে কোৱা কথাষাৰ ৷ কেতিয়াবা তাই চিঞৰি চিঞৰি সকলোকে ক’বলৈ মন যায় “ নিঃসন্তানৰ বাবে তাই জগৰীয়া নহয় , জগৰীয়া তেওঁলোকৰ পুতেকহে ৷”

🖋️দেৱশ্ৰী ওজা বৰা

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send