ভাগ্যদেৱী থিয়েটাৰৰ মঞ্চত সুদৰ্শন অভিনেতা তথা পৰিচালক জিতু শইকীয়া-কুলদ্বীপ কাশ্যপ

©Admin
0
দীৰ্ঘ দিন বিৰতিৰ পাছত পুনৰ ভ্ৰাম্যমাণ থিয়েটাৰলৈ আগমন নৱপ্ৰজন্মৰ সুদৰ্শন অভিনেতা  জিতু শইকীয়া।
আগশাৰীৰ ভ্ৰাম্যমাণ নাট্যদল ভাগ্যদেৱী থিয়েটাৰত আগন্তুক নাট্যবৰ্ষত  চুক্তিবদ্ধ হৈছে নৱপ্ৰজন্মৰ সুদৰ্শন অভিনেতা জনে। ভাগ্যদেৱী থিয়েটাৰৰ "মিলনমালা","মাতাল পৃথিৱী" আৰু "মহালয়া "তিনিজন জনপ্ৰিয় নাট্যকাৰৰ তিনিখন ব্যতিক্ৰম ধৰ্মী নাটকত তিনিটা ভিন্নধৰ্মী চৰিত্ৰৰে দৰ্শকক মনোৰঞ্জন দিৱলৈ প্ৰতিশ্ৰুতিবদ্ধ জিতু শইকীয়া।
নগাঁও জিলাৰ পলাশনী গাঁৱত জন্মগ্ৰহণ কৰা জিতু শইকীয়া, অনিল শইকীয়া আৰু অনিমা শইকীয়াৰ সুযোগ্য সন্তান। সৰুৰেপৰাই তেওঁৰ অভিনয়ৰ প্ৰতি আছিল এক দুৰ্বলতা ৷ তাৰ মাজতো শিক্ষাৰ দিশতো আছিল আগবঢ়া । মঞ্চৰ জৰিয়তে অভিনয় জীৱনৰ পাতনি মেলিছিল জিতু শইকীয়াই । তেওঁ অভিনয় কৰা নাটকসমূহৰ ভিতৰত ভোগজৰা, জেৰেঙাৰ সতী, শকুনিৰ প্ৰতিশে‍াধ, দীনদয়াল জ্যোতিৰ জোলোঙা, দেউতাৰ পদুলি উদুলি-মুদুলি,  কি হ'ল ইত্যাদি । অৱশেষত কি হ'ল নাটকখনিৰ বাবে আন্তঃমহাবিদ্যালয় যুৱ মহোৎসৱত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল । নিষ্ঠা, একাগ্ৰতা আৰু আত্মবিশ্বাস সহকাৰে কামবোৰ কৰি যোৱাৰ ফলস্বৰূপে মঞ্চ অভিনয়ৰ লগতে সৰু পৰ্দাতো অভিনয়ৰ সুযোগ পাইছিল জিতু শইকীয়াই ৷ তাৰ ভিতৰত ৰং চেনেলযোগে সম্প্ৰচাৰিত শাহু বোৱাৰী, ভাড়াঘৰ, সেন্দুৰ, বৰলা কাই ইত্যাদি ধাৰাবাহিক কেইখনত অভিনয় কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল । ইয়াৰ উপৰিও দুটা বছৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ মঞ্চতো অভিনয় কৰিছিল জিতু শইকীয়াই । অভিনয়ৰ লগে লগে সহকাৰী পৰিচালক হিচাপেও তেখেতৰ এক দক্ষতা আছে । জিতু শইকীয়াৰ কাহিনী চিত্ৰনাট্য, পৰিচালিত তথা অভিনীত "The colour of Teapot"
নামৰ এখন চুটি ছবি
Papori's world ইউটিউব
চেনেলটোৰ জৰিয়তে কিছুদিন আগতে মুক্তি দিয়া হৈছে। চুটি ছবিখনে দৰ্শকৰ পৰা যথেষ্ট সহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।
আগন্তুক নাট্যবৰ্ষত ভাগ্যদেৱী থিয়েটাৰত চুক্তিবদ্ধ হোৱা অভিনেতা জিতু শইকীয়াক অসমৰ দৰ্শক ৰাইজে আশীৰ্বাদ দিয়ক তেখেতে যাতে দৰ্শকৰ হৃদয় জিনিবলৈ সক্ষম হয়।
জিতু শইকীয়ালৈ ব্যক্তিগত ভাৱে মোৰ লগতে হৃদয় আলোচনী খনৰ তৰফৰ পৰা জনালোঁ অলেখ শুভকামনা। শইকীয়াৰ ভ্ৰাম্যমাণৰ এই যাত্ৰা প্ৰবাহিত হৈ থাকক নেদেখা জনে তেখেতৰ মংগল কৰক।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)