আকৌ আহিলি-উৎপল দাস

আকৌ আহিলি, তথাকথিত সভ্য সমাজে কোৱা মধ্যবিত্তৰ মূৰত মস্ত টাঙোন মাৰিবলৈ ।

ইস্ত্ৰি দিয়া কামিজটোৰ তলত পুৰনি ফাতি যোৱা গেঞ্জিটো সলনি কৰিবৰ সময়ত আকৌ আহিলি তই, আকৌ পিন্ধিব লাগিব বহুত দিন ।

নতুনকৈ কামিহাৰ পোন কৰি কাম কৰি সুখেৰে খাবলে ধৰিছিলহে, তই ধ্বংস কৰিবলে আকৌ আহিলি।

সাধাৰন মানুহৰ কৰ্ম কৰা বাধা দি তই ৰং কৰিছ ন? 

মধ্যবিত্ত সদাই চিকাৰ হয় কিয় ?

শোষিত কিয়? তই আকৌ আহিলি । 
 
দুখিয়াৰ তেজ খাবলে কিয় আহিলি?
                 
            শ্ৰী উৎপল দাস 
   বোকাখাত কুৰুৱাবাহী

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send