আঁতৰাই চোৱানা,
আঁতৰিব মনৰ দুখ আৰু কু-ভাৱনা;
তুমি মোৰ আৰু মই তোমাৰ,
এজনক এৰি আনজন যে
আমি আধৰুৱা৷
অভিমানবোৰ পাহৰি এবাৰ মোক ভালপাওঁ বুলি কোৱানা,
মোৰ চকুত চকু থৈ
এবাৰ হৃদয়খন জুমি চোৱানা
দেখিবা ভালপোৱাৰ এসাগৰ নীলা
আঁতৰি যাব মনৰ ক’লা ডাৱৰ
নুমাই যাব বুকুত উমি উমি জ্বলা অভিমানী জুইকুৰা৷
এবাৰ মোৰ ওঁঠত বিৰিঙি উঠা হাঁহিটি চাই
তুমিও এমোকোৰা হাঁহি দিয়ানা
চাবা,গুচি যাব মনৰ উদাসীনতা
পাহৰি যাবা দুখ,উজ্জ্বলি উঠিব মন
হৃদয়ত বাজি উঠিব প্ৰশান্তিৰ সুৰ
বিচাৰি পাবা জীৱনৰ মাদকতা আৰু এবুকু সজীৱতা৷
✍️ কানন গোস্বামী,ধুবুৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ