ছায়াৰ নাই সঁহাৰি,
পলভৰৰ সুখৰ
লোভত ধৰণীত সৰজিলে বিলাসৰ মহল।
নদীৰ কল কল
সাগৰৰ ঢৌচোন
সকলোৰে প্ৰিয়,
তেন্তে উপদ্ৰৱ কিয়?
বাৰিষাৰ বৰষুণ
শীতৰ সেমেকা ৰ'দ
কত যে হেঁপাহ আাছিল সকলোতে।
জল জল কৈ মানস
পটত এতিয়াও ভাঁহি আহে দিনবোৰ
পৰিৱৰ্তনৰ গৰাহত স্মৃতি হৈ পৰিল সকলো।
সন্ধিয়াৰ বেলিটি
দেখি এতিয়াও উজ্জীৱিত হৈ প্ৰাণ।
উদাসহীন মন কালৰ সোঁতত উভতনিৰ নাই কোনো উপক্ৰম।।
কবিতাৰ শিৰোনাম :সন্ধিয়াৰ বেলিটি..
🖋✍️ময়ূৰী বাগ
মহাকালি চাহ বাগিছা,তিনিচুকীয়া