মগেম্ব বৰা খুচ হুৱা ।
বহু আম সৰি
গুটীৰ পৰা গছ গজি
গছত আম লাগিল ।
মগেম্ব বৰা দুখী হুৱা ।
জীৱন উজ্বলোৱা
কাহিলি পুৱাতে
মগেম্বই মাৰা
গোৰ কেইটাৰ বিষ
মাজে মাজে উকাই ।
তথাপি ঋতুত গছত
আমি লাগি থাকিল ।
মগেম্ব বৰা দুখী হুৱা ।
আমৰ কথা কলেই
মগেম্বৰ জ্বৰ উঠে
ঘাম ওলাই মুখত ।
এইবাৰ মগেম্বই
মুখ ঠেকেচা খালে
সৰি পৰা আমে হাঁহিব ।
তেতিয়াতো-----
মগেম্ব দুখীয়েই হ'ব ।
ঋতুৰ আমে ক'ব
অব হাম বৰা খুচী হুৱা ।
🖋️ হেমেন হাজৰিকা
মিৰ্জা
কামৰূপ অসম ।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ