নাজানো তোমাৰ মনোভাৱ
জীৱনৰ এই সুদীৰ্ঘ পথত
আহিবানে তুমি ?
মোৰ কাষলৈ !!
চৰ্ত বিহীন এক সম্বন্ধ ,
অফুৰন্ত প্ৰেমৰ নিজৰা !
খোঁজে খোঁজে তোমাৰ সহাঁৰি
আলসুৱা হৃদয়ৰ বেদনা !
ল'বানে মোক আকোঁৱালি ?
দিবানে মোক
তোমাৰ বুকুত
এটি সৰু কোঠালি !!
জিৰাব পৰাকৈ ,
মৰম বোৱাকৈ ,
সঁচা স্নেহৰ প্ৰতিশ্ৰুতি !!!!!
✍️স্বাতী জয়ছোৱাল
নাহৰকটীয়া , ডিব্ৰুগড়