সিদিনা ৰ'দে কান্দিছিল-অনুপম কলিতা

©Admin
0

                                  ( ১ )
ভোক জ্বৰত কঁপা তাৰ জুহালে দিয়ে
শইচবোৰ কঙাল হোৱাৰ খবৰ....
উশাহে বিনোৱা চোতালত পৰি
বালিমাহীয়েও কৈ যায় ,
"গামোচাখন উলিয়ায় ল ,
এইবাৰো পাৰ হ'ব অনেক উজাগৰী ৰাতি ..!"
(   ২ )
সেইবোৰ অতীত আছিল,যেতিয়া
জীৱনৰ বতৰা লৈ
বতাহে তাঁতবাতি কৰিছিল ,
জীয়াসুঁতিৰ দৰিকণা এটি হৈ ।
( ৩ )
মৰিশালিৰ গীতে 
আমনি কৰা তাৰ পদূলিত
সপোন সৰাৰ কাহিনী বৰ দীঘলীয়া ।
( এইবুলি দুৱৰিয়ে ক'লে )
( ৪ )
দৰিদ্ৰতাৰ ক'লা ছালখন দেখি ,
কোনোবা অচিনাজনৰ 
হাতৰ তলুৱাত লুকাই ;
সিদিনা ৰ'দে কান্দিছিল  ....
( সেই কথা পিছে এতিয়াও লিখা নহ'ল )


✍️অনুপম কলিতা
পাভজান গাঁও,গোলাঘাট।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)