ভাষা সংকট---কিছু অৱলোকন-মানসী দেৱী

©Admin
0
'কেব' গুচি 'কা' হ'ল।লেখাটিত মই আইনখন বা আন্দোলনটিৰ  বিষয়ে একো নকওঁ। কিন্তু সাম্প্ৰতিক প্ৰেক্ষাপটত এই বিষয়টোৰ লগত উদ্ভৱ হোৱা এটা সংকটৰ বিষয়েহে ক'ব লাগিব।সেয়া হ'ল ভাষা  সংকট। ভাষাটো হ'ল অসমীয়া আৰু সংকটৰ কাৰণ বঙালী ভাষাৰ আগ্ৰাসনৰ আশংকা। কিন্তু অসমীয়া ভাষাৰ সংকটৰ কাৰণে কেৱল বঙালীসকলক  দোষ দিয়াটোৱেই উচিত হবনে?  কিয়নো  যোৱা দশকৰ ভিতৰত এক শ্ৰেণীৰ মুক্ত বুদ্ধিৰ তৰুণ গৱেষকৰ অনুসন্ধানৰ ফলত জানিব পৰা গৈছে যে ব্ৰিটিছ শাসনৰ প্ৰাৰম্ভত অসমত  বাংলা ভাষাৰ প্ৰচলনৰ বাবে বঙালী বাবুসকলৰ চক্ৰান্ত দায়ী নাছিল,সেই সিদ্ধান্ত আছিল কিছু সংখ্যক ব্ৰিটিছ বিষয়াৰ নিজৰ স্বাধীন সিদ্ধান্ত।এই কথাও জনা গৈছে যে এফালেদি সেই সময়ত বেছিভাগ অসমীয়া সমাজপতিয়ে যেনেদৰে বাংলা ভাষাৰ কোনো বিৰোধিতা কৰা নাছিল,বৰং তাৰ প্ৰতি উৎসাহেই দেখুৱাইছিল।তেনেদৰে আনফালেদি বহু বঙালীয়ে সমৰ্থন কৰিছিল অসমীয়া ভাষাৰ দাবী। আটাইতকৈ স্মৰণীয় কথা হ'ল যে যিজন বিশেষ  ব্যক্তিৰ যুক্তিপূৰ্ণ সমৰ্থনৰ ফলত ইংৰাজ চৰকাৰে নিজৰ সিদ্ধান্ত সলনি কৰিবলৈ বাধ্য হ'ল, তেওঁ আছিল এজন বঙালী। ইয়াৰ পিছত ভাষাৰ প্ৰশ্নত অসমীয়া বঙালীৰ ক্ষয় বিবাদ শাম কাটিব লাগিছিল যদিও বৰ্তমান বৃদ্ধিহে  হৈছে। অৱশ্যে মোৰো এনেকুৱাই লাগে যে বঙালীসকল  অসমলৈ আহিলে অসমীয়া ভাষাৰ যিখিনি বাচি- বৰ্তি আছে, সেইখিনিকো কবৰ দিয়া যেনহে হ'ব।কি কৰিম অসমীয়াৰ আবেগ।
              সি যি কি নহওঁক,লেখাটিৰ প্ৰথম ভাগত এটি প্ৰশ্ন উত্থাপন কৰিছিলোঁ যে আমি কেৱল বঙালীসকলক দোষ দি
আমি অসমীয়া সকলেনো নিজ ভাষাৰ সংৰক্ষণৰ বাবে কি কৰিছোঁ ? উত্তৰ হ'ল- নিজৰ সন্তানক ইংৰাজী ভাষাৰ মাধ্যমত পঢ়ুৱাইছোঁ। 'smart' কৰিছোঁ। 'অসমীয়া ভাষাৰ মাধ্যমত পঢ়াসকলৰ ভৱিষ্যত একো নাই', 'ভাল চাকৰি নাপাব', 'MA পঢ়োতে কি হ'ব' ঘৰত বা চ'কত কিন্তু দুই-চাৰি জনৰ লগত বহি বঙালী সকলক পাৰোমানে গালি পাৰিছোঁ। নিজৰ সন্তানক কিন্তু ইংৰাজী কোৱা দেখিলে চাব্বাচী দিওঁ। অসমীয়াৰ 'অ-আ' খন কিন্তু নাজানিব পাৰে। অসমীয়াত লিখিব টান পাব পাৰে, বানান ভূল হ'ব পাৰে। তথাপি কিন্তু দুখ নকৰোঁ। অসমত থাকি অসমীয়া ক'ব বা লিখিব নজনাটো কম ডাঙৰ লাজৰ কথানে। ধিক ধিক।
এনেস্থলত আকৌ আমাৰ আন্দোলনকাৰী নেতাসকলে অসমীয়া মাধ্যমৰ শিক্ষাৰ্থীক প্ৰতিবাদ কৰিবলৈ লৈ যায়। ইংৰাজী মাধ্যমৰ খিনিৰ কি ৰাজ্যৰ প্ৰতি কোনো দায়িত্ব থাকিব নালাগে নেকি? অসমীয়া মাধ্যমৰ ষ্কুল-কলেজ বন্ধ কৰি ছাত্ৰ-ছাত্ৰীক প্ৰতিবাদ কৰিবলৈ নিয়াটো যুক্তিসংগত নে? আন্দোলনৰ নামত যান-বাহন অৱৰোধ কৰা, চকা বন্ধ দিয়া কিমান উচিত? কিছুমান পৰীক্ষা পিছুৱাই নিদিলে বা আগতে হৈ নগ'লে দূৰণিবটীয়া শিক্ষাৰ্থীসকলে কেনেদৰে পৰীক্ষাত অৱতীৰ্ণ হ'ল হৈ কোনোবাই ভাবি চাইছেনে?
চীন ফ্ৰান্স , আদি ৰাষ্ট্ৰই নিজৰ ভাষাৰ মৰ্যাদা যে অক্ষুণ্ণ ৰাখিব পৰিছে ভাৰত তথা অসমে ইংৰাজী ভাষাক গুৰুত্ব দি বিভিন্ন জাতি - জনগোষ্ঠীয় ভাষা বিলাকক কিয় ইমান তল পেলাইছে ? আমিয়ে বা কিয় গ্ৰহণ কৰিছো।  এনে ব্যৱস্থা , এনে মানসিকতা চলি থাকিলে অসমীয়া ভাষাৰ বিপৰ্যয় নিশ্চিত আৰু এয়াই প্রমনিত হব ধৰিছে । 
           শেষত এটা কথাই কও , অসমৰ উঠি অহা প্ৰজন্ম টোক  বৰ্তমানৰ প্ৰজন্মই অসমীয়া ভাষাক মৰ্যদা দিবলৈ  শিকাওক । 
নহলে অসমতে অসমীয়া সংখ্যালঘূ ত পৰিণত হ'বলৈ  বেছিদিন নালাগিব।

   ✍️মানসী দেৱী
        কামৰূপ মহাবিদ্যালয়,চামতা
         নলবাৰী, অসম

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)