আপোন- যমুনা বৈশ্য

©Admin
0
জোনাকী আৰু নয়নৰ তৃতীয় বসন্ত অতিক্ৰম কৰা একমাত্ৰ কন্যা শেৱালিৰ আজি জন্মদিন ।মন্দিৰৰ পৰা ওলাই আহি দেখে যে গাড়ীৰ কাষত ৰৈ আছে এগৰাকী মহিলা ।হাতমেলি জোনাকী ফালে দিয়াত বেগৰ পৰা বিশ টকীয়া নোট এখন দি দিলে ।ভাতৰ পাতত বহি জোনাকীয়ে সেই মহিলা গৰাকীৰ কথাই বৰকৈ আমনি কৰি থাকিল ।কি ৰহস্য ময় জীৱন ।তাই সেই নাৰীগৰাকী মুখ খন মনত পেলাব খুজিও পৰা নাই , কপালত বাৰু সেন্দুৰৰ ফোটটো আছিল নে ?
কোনোবা তাইৰ আপোন মানুহ আছেনে নাই? 
আছে ছাগে ।নহ'লেনো কোলাৰ কেঁচুৱাটো ক'ৰ পৰা আহিব ?নানা কথাই মনত খেপিয়াব ধৰিলে । জোনাকীয়ে শেৱালিলৈ অনা নতুন কাপোৰ এযোৰ দিবলৈ বুলি আকৌ তাই গাড়ীখন মন্দিৰৰ অভিমুখে নিবলৈ ড্ৰাইভাৰক ক'লে ।

  ✍️ যমুনা বৈশ্য

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)