প্ৰভাত-যমুনা বৈশ্য

©Admin
0
স্বপ্নৰ কুহেলিকাত দুখৰ আঁৰত
তাইৰ বিষাদৰ প্ৰতিটো দিন
নিৰ্মল হৃদয়খনৰ কোঠাকেইটাত
প্ৰভাতৰ আগমন হোৱা নাই ।

সেউজীয়া বক্ষত
উচুপনিত সৰি পৰে
জীৱনৰ ছন্দৰ আখৰা
 সময়ৰ বোকোচাত
এটি আশাৰ ক্ষণ
বিচাৰি ফুৰে নিতে
ঈশ্বৰৰ সন্ধান প্ৰভাতে , প্ৰভাতে ।

অযুত মধুৰ স্মৃতি
নিৰৱে মাথো বয়
নতুনৰ প্ৰভাতৰ জাগৃতিৰে
ঘাত -প্ৰতিঘাত পাৰ হৈ
এৰি অহা ইতিহাসে
দহে আকুলতাৰে
দৰদী প্ৰাণত ।

পুৱতি প্ৰভাতৰ মধু আলিঙ্গনত
ৰ'দ কাঁচলি বুকুত বান্ধি
অভাৱ -অনাটনত নিপীড়িত মানুহৰ
একাঁজলি সুখ বিচাৰি
হাবাথুৰি খায় জীৱনৰ গতি
সময়ত সময়েহে নিৰূপন কৰেহি
জীৱনৰ মাপকাঠী ।

  ✍️ যমুনা বৈশ্য

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)