বেকাৰ-মঞ্জিত হাজৰিকা

©Admin
0
আইৰ কামিহাড় গণি গণি ভাগৰি পৰিছো
পিতাইৰ কুঁজা শৰীৰৰ বোজা হৈ পৰিছো
মহাশয়, মই বেকাৰ
পাৰে যদি কাম এটা দিয়ক
যিকোনো কাম
লাগিলে আপোনাৰ ল'ৰাৰ লেদেনা-ওকটিম

বেকাৰ শব্দটোৱে জীৱনটোকে বেকাৰ কৰি পেলালে মহাশয়
নিদ্ৰাহীন নিশা যন্ত্ৰণাৰ পোতাশালত
আচাৰি আচাৰি ফালো অৰ্থহীন আদৰ্শৰ পৃষ্ঠাবোৰ
জটিল পৃথিৱীৰ জটিল সংজ্ঞা নুবুজি
ধূসৰিত যাত্ৰা পথত বাট হেৰুৱাই 
মই ক্লান্ত পথিক
মহাশয়, পাৰে যদি কাম এটা দিয়ক
যিকোনো কাম
চাকৰ-নাকৰ কিবা এটা

কিবা এটা
অলপ কিবা এটা
কিবা এটা পালেই কিবা কৰি জীৱনটো চম্ভালিম ৷
"নাই মোমাইত কৈ কণা মোমাইক" লৈ
জীয়াই থকাৰ সপোন ৰচিম ।
মহাশয়, মোৰ আই অসুখীয়া
বোপাই দুৰ্ভগীয়া 
বুঢ়া কান্ধত মেটমৰা বোজা লৈ
কৰি আছে জীয়াই থকাৰ আখৰা ৷
কাম এটা দিয়ক মহাশয়,
যিকোনো কাম
মেটৰ-চেটৰ কিবা এটা ৷

বেকাৰৰ যন্ত্ৰণা বেকাৰেহে জানে,
কিদৰে গৰল পি পি জীয়াই থাকিব লাগে ৷

কিবা সুধিছে মহাশয়? 
অ' শিক্ষা...
শিক্ষাৰে শিক্ষিত হ'লো
আদৰ্শৰে আদৰ্শবান হ'লো
পিছে দক্ষতাৰেহে দিব নোৱাৰিলো
দেউতাৰ ত্যাগৰ প্ৰতিদান,
এতিয়া শিক্ষাৰ কথা ক'লে বুকুত একুৰা জুই জ্বলে ৷

জুই...
বেদনা একুৰা জুই
জুই মানেই ধ্বংস
ধ্বংস মানেই নিঃশেষ ৷

মই হেৰাই যাব নোৱাৰো মহাশয়,
শ্ৰৱণৰ ভাৰত বহাই থৈ আহিছো আই-পিতাইক
আপোনাৰ সঁহাৰি পালেই কান্ধত তুলি লৈ যাব পাৰিম
তীৰ্থ স্থানলৈ ৷
না নকৰিব মহাশয়
মই বৰ আশাৰে আহিছো
কিবা কাম এটা দিয়ক
কাম এটা...

বেকাৰ বিভূষণেৰে বিভূষিত হৈ
আই-পিতাইৰ বুকুত কিমান আৰু আঘাত সানিম
শানিত হৃদয়ৰ ক্ষতস্থানত !
মহাশয়, আপুনি ক'লে মই মোৰ আদৰ্শক বিসৰ্জন দিম
চকুত গান্ধাৰীৰ পট্টী বান্ধিম
মুখত লগাই ল'ম ঘোঁৰাৰ লেকাম
কিবা কাম এটা দিয়ক মহাশয়
কাম এটা...
মই বেকাৰ।।।

✍️মঞ্জিত হাজৰিকা
নকছাৰি,যোৰহাট

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)