জাতীয় অৰ্থনীতি অবিহনে কোনো জাতি জীয়াই থাকিব নোৱাৰে-জিমিৰেখা শৰ্মা

©Admin
0
জাতীয় সংস্কৃতি,জাতীয় পৰম্পৰা অবিহনে যেনেকৈ এটা জাতি জীয়াই থাকিব নোৱাৰে ঠিক তেনেকৈ জাতীয় অৰ্থনীতি বা থলুৱা অৰ্থনীতিৰ ব্যৱস্থাৰ অবিহনে জাতি এটা টনকিয়াল বা জীয়াই থাকিব নোৱাৰে।অৰ্থব্যৱস্থা হল জীৱন পৰিক্ৰমাৰ ৰাজহাঁড়।যেতিয়া আমি অসমীয়াই নিজৰ ঘৰৰ ভঁৰালত ধান সঞ্চয় কৰিব নাপাওঁ বা ঘৰৰ ধানৰ ভাত খাব নাপাওঁ তেতিয়া যিমানে বেলেগ খাদ্য নাখাওঁ পেট পূৰাব নোৱাৰোঁ। ককাৰ হাতত ৰূপ লৈ উঠা বাঁহৰ সঁজুলি তথা কুটিৰ শিল্পই ঘৰখনৰ লগতে অঞ্চলটোৰ পিছত ৰাজ্যিক পৰ্যায়ৰ জাতীয় অৰ্থনীতিৰ প্ৰবাহিত নদীৰ দৰে সোঁত ববলৈ ধৰে।মৃৎ শিল্পই হওঁক বা কাঁহ-পিতলৰ উদ্যোগীক চেতনাই হওঁক জাতিটোক আজি অৰ্থনীতিৰ ফালে টনকিয়াল কৰিছে।
কলাক্ষেত্ৰ ফাউণ্ডেচন ,পূৰ্বতে সাধাৰণভাৱে কলাক্ষেত্ৰ হৈছে ভাৰতীয় কলা আৰু শিল্পকলাত পৰম্পৰাগত মূল্যবোধৰ সংৰক্ষণৰ বাবে সমৰ্পিত এক কলা।এই প্ৰতিষ্ঠানটোৱে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় বহু ক্ষেত্ৰত স্বীকৃতি লাভ কৰি আহিছে।এই অনুষ্ঠানটোৱে জাতীয় জীৱনক গৌৰৱৰ ঠাই দিছে।
ঠিক সেইদৰে কাগজ কল, খাৰুৱা তেলত আমি চহকী।এই ক্ষেত্ৰবোৰত আমি যদি অলপ গুৰুত্ব প্ৰদান কৰোঁ,আমি নিজৰ ওচৰতে নিজে পোন হৈ থিয় হ'ব পাৰিম।
       জাতীয় অৰ্থনীতি আমাৰ প্ৰাণকেন্দ্ৰ।ইয়াক আমি উন্নতিৰ আহিলা হিছাপেও লব পাৰোঁ। জাতি জীয়াই থাকিব হ'লে জাতীয় অৰ্থনীতি জীয়াই ৰাখিব লাগিব। জাতীয় অৰ্থনীতি অবিহনে আমি সুৰক্ষিত নহয়।এটি জাতি হিচাপে আমাৰ পৰিচয় এয়াই।

          ✍️জিমিৰেখা শৰ্মা।
         ক্ষুদ্ৰ পিপলীয়া।
  কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয়।

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)