প্ৰচাৰপাইন-হেমেন হাজৰিকা

        তুমি জিকাফুল হৈ ফুলিছা
    মোৰ আঙুলিত ।

   য'তেই চুই দিওঁ
   তাতে লাঁতীয়া হয়
   তোমাৰ উপস্থিতি ।

     তুমি নহ'লে
     প্ৰচাৰপাইনক বিচাৰি
     ধৰিত্ৰীৰ চকুলো শুকায় ।

    তুমি যে জিকাফুল হৈ
    ফুলিছা
    তাৰবাবেই ছোৱা
    চৌপাশে কেৱল
    আশা আৰু
    আশা ।

     তুমি চিৰদিন চিৰকাল
     আশা হৈ থাকিবা
     মোৰ আঙুলিত ।

     সকলোতে
     আশাৰ বৰষুণ হৈ সৰিবলৈ ।

        ✍️ হেমেন হাজৰিকা
                মিৰ্জা, কামৰূপ, অসম

Comments

সংৰক্ষণাগাৰ

আমাৰ সন্মানীয় লেখিকা সকল

যোগাযোগ

Send