ক'ভিড ১৯ আৰু শিক্ষাৰ্থী সকলৰ শিক্ষাৰ ভবিষ্যত-চিন্ময় ডেকা

©Admin
0
সমগ্ৰ বিশ্বতে ক'ৰণা মহামাৰীয়ে সন্ত্রাসৰ সৃষ্টি কৰিছে। এক সম-সাময়িক বিপৰ্য্যয়ৰ সন্মুখীন হ'বলগীয়াত পৰিছে। সকলো দেশৰ জনগন লগতে শিক্ষাৰ্থীৰ সকলৰ জীৱন অনূকুল বাতাৱৰণে গা কৰি উঠিছে। বিগত বৰ্ষটোত আমি হতাশাত ভূগা পৰিস্থিতিৰ  সৃষ্টি হৈছিল। তেনেস্থলত আৰ্থিক অনাতন, সামাজিক ভাৰসাম্যতা, বিধস্ত হৈছিল। দৈনন্দিন জীৱনত অভাৱনীয়ভাৱে বিপদসংকুল পৰিস্থিতিত অনাহাৰে জীৱন অতিবাহিত কৰিবলগীয়া হৈছিল। দোকান-পোহৰ, ব্যৱসায়িক প্ৰতিষ্ঠান, স্কুল,কলেজ বন্ধ ইত্যাদি। বিশেষকৈ শিক্ষাৰ্থী সকলৰ জীৱনৰ অন্তিমটো পৰীক্ষা মেট্রিক, হায়াৰ-ছেকেণ্ডেৰী,স্নাতক পৰ্যায়ৰ পৰীক্ষা স্থগিত কৰা বাবে হতাশাত ভূগা দেখিবলৈ পোৱা গৈছিল। য'ত ল'ৰা-ছোৱালীৰ শিক্ষাৰ ক্ষেত্রত জন-জীৱন স্তব্ধ হোৱাত শংকাত অগ্রগতি লাভ কৰিছিল। বিগত বৰ্ষটোৱে শিক্ষাৰ্থী সকলৰ স্কুল, কলেজ বন্ধ দিয়াৰ পৰিপেক্ষিত অভাৱনীয়ভাৱে ক্ষতিসাধন হৈ পৰিছিল, আমি সকলোৱে জ্ঞাত।
সাম্প্ৰতিক সময়ত শিক্ষা ব্যৱস্থাত অনলাইন শিক্ষা পদ্ধতি অৱলম্বন কৰাটো অত্যন্তই গুৰুত্বপূৰ্ণ। এই বিষ‌য়ত আমি সকলোৱে বিশ্বজুৰি অৱগত। শিক্ষা লাভ বা আহৰণৰ ক্ষেত্রত অতুলনীয় বৰঙনি আগবঢ়াই আহিব পৰাকৈ ইয়াৰ বাস্তৱিক নিদৰ্শন  অপৰাজেয়। কিন্তু ইয়াৰ এক উল্লেখনীয় ভাৱে নেতিবাচক সঁহাৰি প্ৰদান কৰে শিক্ষাৰ্থী সকলৰ মাজত। আমি সকলোৱে জানো যে, সমগ্ৰ ভাৰত বৰ্ষত প্ৰায় ৯০% লোক মধ্যবিত্ত আৰু দৰিদ্র শ্ৰেণীৰ অন্তগর্ত। তেওঁলোকে জন-জীৱন এক ব্যাকুল পৰিস্থিতিত জীৱন নিৰ্বাহ কৰে। অন্য দৃষ্টিত কিছু লোক দৰিদ্রতা,নিবনুৱা সমস্যাৰ প্ৰাকচক্ৰত সোমাই আছে। যাৰ ফলত অভিভাৱক সকলে নিজৰ ল'ৰা ছোৱালীক এটি দামী স্মার্ট ফোন ক্ৰয় কৰি দিবৰ বাবে অৰ্থ নাথাকে। তদ্ৰুপ অনলাইনৰ প্ৰাসংগিকতা অতি বিলম্ব। অনলাইন শিক্ষা ব্যৱস্থাই শিক্ষাৰ্থী সকলৰ জীৱনত অভাৱনীয় ভাৱে অন্ধকাৰময় দিশত অগ্রগতি লাভ কৰিব। আৰু আনুষ্ঠানিক শিক্ষাৰ পৰা বঞ্চিত হৈ পৰিব। সেয়ে ছাত্ৰ-ছাত্ৰী তথা শিক্ষাৰ্থী সকলৰ মাজত এক কৌতুহলপূৰ্ণ মনোভাৱৰ সৃষ্টি হৈছে।
বৰ্তমান জৰ্জৰিত সময়ত বহু ভাৰাক্রান্ত শৈক্ষিক পৰিবেশৰ অস্থিৰতাৰ লগত মোকাবিলা কৰাটো এক কঠিন হৈ পৰিছে। শিক্ষাৰ্থীৰ শিক্ষা জীৱনৰ দুটা বিগত বৰ্ষত অথলে যোৱাত হতাশাত ভুগিবলগীয়া হৈছে আৰু সপোনবোৰ জীৱনৰ বাটত হেঙাৰৰ দৰে ছাঁ বিৰাজ কৰিছে আৰু সুদূৰ ভৱিষ্যতে কি পৰিস্থিতিয়ে বাধ্য কৰে দেশখনক তাৰ প্ৰতি লক্ষ্যণীয় হৈ পৰিব। সেয়ে শিক্ষা বিভাগ তথা সংশ্লিষ্ট কর্তৃপক্ষই গুৰুত্ব আৰোপ কৰি ছাত্ৰ-ছাত্ৰীৰ অদূৰ ভৱিষ্যত সুৰক্ষা কৰাৰ ব্যৱস্থা প্ৰদান কৰা উচিত। য'ত শিক্ষাৰ্থী সুৰক্ষিত হৈ থাকিব, ত'ত দেশৰ ভবিষ্যত সুৰক্ষিত থাকিব।

         ✍️চিন্ময় ডেকা, টংলা

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)