তোমাৰ দুবাহুৰ মাজত, কোলাৰ উমতে
ৰাখিছিলা তুমি মোক।
মোৰ বাবে তুমি নিশা উজাগৰে থাকি
কত যে গীত গোৱা নাছিলা
আজিও তুমি মোৰ বাবে
এটি গীত গোৱানা মা।
মোৰ কণমানি আঙুলিত ধৰি
তুমি শিকাইছিলা অ,আ,ক,খ
আজিও মই আশা কৰোঁ
তুমি মোৰ ভুলবোৰ
শুধৰাই দিয়াটো।
মোৰ সুখত তুমি সুখী আৰু
মোৰ দুখত তুমি দুখী হোৱা
ৰোগত পৰিলে তুমি
উজাগৰে থাকা
মোৰ চিন্তাত তুমিও চিন্তিত হৈ পৰা।
আজিও মোৰ অতীতৰ
সকলো কথাই মনত পৰে
আকাশখনৰ দৰে,সাগৰখনৰ দৰে
মোৰ গভীৰ ভালপোৱা তোমালৈ।
নকৈ নোৱাৰোঁ তোমাৰ কষ্টৰ কথা
তোমাৰ সাহসেৰে মই
আগুৱাই যাওঁ
সন্মুখৰ বাটলৈ।
✍🏻দিপশিখা ৰাজকোঁৱৰ।
একাদশ শ্ৰেণী।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ