তাই আকাশখন বিচাৰে ,
অকণমানি তাইৰ প্রাণ
মাথোঁ জীয়াই থাকিব বিচাৰে।
বিশেষ একো নিবিচাৰে
বিচাৰে মাথোঁ ,
মুক্ত আকাশত উৰিব
বিচাৰে এটি খুদ-কণ।
জোনাক নিশা
তাইৰ বৰ প্ৰিয় ,
সেউজীৰ মাজেৰে তাই
নিশাৰ তৰাৰ সতে কথা পাতে।
কিন্তু ভয় হয় তাইৰ
ৰঙীন তাইৰ পাখি ,
অপূৰ্ব তাইৰ সৌন্দৰ্য্য
তাই বাৰু জীয়াই নাথাকিব নেকি ?
সেউজীয়া অবিহনে
পৃথিৱীখন আধৰুৱা ,
নৈ অবিহনে
সাগৰখন আধৰুৱা।
তৰা অবিহনে
জোনটো আধৰুৱা,
পক্ষীটি অবিহনে
আকাশখন আধৰুৱা।
✍ধৃতাশ্রী বৰ্মন,
কৈঠালকুছী,
নলবাৰী
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ