অসমীয়া ভাষাত চন্দ্রবিন্দু(ঁ)ৰ ব্যৱহাৰ:এটি আলোকপাত~প্ৰবন্ধ-সবিতা দাস

©Admin
0
অসমীয়া ভাষাত চন্দ্রবিন্দু বিশিষ্ট ধ্বনিগুণ অৰ্থাৎ বৰ্ণ।চন্দ্রবিন্দু গাইগুটীয়াকৈ উচ্চাৰিত নহয়।স্বৰধ্বনিৰ সৈতেহে ইয়াৰ উচ্চাৰণ হয়।স্বৰধ্বনিৰ লগত উচ্চাৰিত হয় বাবে ইয়াক উপাহিত ধ্বনিও বোলে।আনহাতে য়,ৱ,আৰু হ -বৰ্ণৰ অনুনাসিক উপধ্বনি হিচাপেও উচ্চাৰিত হয়।এইখিনিতে মনকৰিবলগীয়া কথাটো হ'ল  ধ্বনিৰ লগত যদিও চন্দ্রবিন্দুৰ ব্যৱহাৰ হয় কিন্তু জোৰ বুজোৱা শব্দত ইয়াৰ প্রয়োগ নহয়।যেনে -কেতিয়াও,গ'লেও,আহিলেও ,খালেও,হ'লেও ,আহিবও ,যাবও,চাৰিও,খাবও আদি।  
                চন্দ্রবিন্দুৰ প্রয়োগত সীমাবদ্ধতা আছে।শব্দৰ আদি নাইবা দ্বিতীয় অক্ষৰৰ স্বৰবৰ্ণৰ লগতে ইয়াৰ বহুল প্রয়োগ পোৱা যায়।আনবোৰ অক্ষৰত চন্দ্রবিন্দুৰ প্রয়োগ একেবাৰে নোহোৱা নহয়,কিন্তু বিৰল।ওঁ-ক মাথোন শব্দৰ  প্রথম আৰু দ্বিতীয় অক্ষৰৰ বাহিৰেও যিকোনো অক্ষৰতে বেছিকৈ পোৱা যায়।
             চন্দ্রবিন্দুৰ ব্যৱহাৰে শব্দ এটাৰ অৰ্থৰ তাৰতম্য ঘটায় ।যেনে -ক)ছাঁ(মানুহ/গছ বা যিকোনো বস্তুৰ প্রতিবিম্ব)।
         চা (ঘৰ চা বা দেখ্)
        খ)ছাঁই(জুইৰ ছাঁই)
             চাই(চোৱা অৰ্থত)
         
         গ)ছিঁ ছিঁ (চৰাইৰ মাত)
            ছি ছি (ভাৱাৱেগ)  
          ঘ)বাঁহ -(গছ)
               বাহ(চৰাইৰ বাহ)
           ঙ)কাঁহ -(বাচন)
               কাহ(বেমাৰ) ,
             চ) আহত( আঘাত)
                 আঁহত(গছ)   
              ছ)আচল (প্রকৃত)
                আঁচল(কাপোৰৰ আগ)
             জ)তাত(ঠাই সূচোৱা)
              তাঁত(শাল)
              ঝ)জাপ(কাপোৰ বাা বস্তুৰ জাপ)
                 জাঁপ(জঁপিওৱা)
                ঞ)গাঁও(ঠাই)
                  গাওঁ(গোৱা কাৰ্য বা 
                            গান গোৱা)
এনেকুৱা অৰ্থৰ তাৰতম্য ঘটোৱা শব্দ কিছুমান হ'ল-তেও/তেওঁ,আহ/আঁহ,কথা/কঁথা,খুচি/খুঁচি,খাটি/খাঁটি,জোৰ/জোঁৰ,জাত/জাঁত আদি।
         
             
        
       নিয়মাৱলী
=============
ক)কৃদন্ত পদ অৰ্থাৎ ধাতুৰ লগত ওঁতা /ওঁতে যোগ হ'লে চন্দ্রবিন্দু ব্যৱহাৰ হয়।যেনে -খাওঁতে,খাওঁতা,লিখোঁতা,
পঢ়োঁতা,যাওঁতে,সাঁতোৰোঁতে আদি।
খ)নাসিক্য ধ্বনি 'ঞ'-ৰ পৰিৱৰ্তে 'য়'লিখিলে চন্দ্রবিন্দু হয় ।যেনে-গোহাঞি(গোহাঁই)।
গ)পুৰুষবাচক  বিভক্তি 'ওঁ' থাকিলে চন্দ্রবিন্দু হয়।যেনে -খাইছিলোঁ,আহিলোঁ আদি।উল্লেখনীয় যে বৰ্তমান সময়ত এই শব্দবোৰত চন্দ্রবিন্দুৰ ব্যৱহাৰ সীমিত।
ঘ) সংস্কৃতত থকা নাসিক্য 'ঞ' 'ণ 'অসমীয়া ভাষাত লুপ্ত হোৱাত শব্দত থকা নাসিক্য বৰ্ণৰ আগৰ স্বৰত চন্দ্রবিন্দু হয়।যেনে কণ্টক (কাঁইট),পুঞ্জি (পুঁজি)আদি।

ঙ) অসমীয়া ভাষাত বহুবচনবাচক প্রত্যয় 'হঁত'লগত চন্দ্রবিন্দু হয় ।যেন-ল'ৰাহঁত,তহঁত সিহঁত,আদি।
               
                চন্দ্রবিন্দু স্বতন্ত্রভাৱে উচ্চাৰিত হ'ব নোৱাৰিলেও ই অসমীয়া ভাষাৰ আৰু বৰ্ণমালাৰ  অপৰিহাৰ্য অংগ,ইয়াক সুকীয়া আখৰ বুলি স্বীকাৰ কৰিবই লাগিব।

✍️সবিতা দাস
গুৱাহাটী বিশ্ববিদ্যালয়

Post a Comment

0Comments

নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ

Post a Comment (0)