ৰাজ্যত আজি শোকস্তব্ধ।
অসহনীয়ভাৱে;
হৃদয়বিদাৰক হৈ পৰি হৈছে বাকৰুদ্ধ।
অসমীয়া সাহিত্যৰ জগতখনত
হঠাৎ খহি পৰিল অনিদ্ৰাত উজ্জ্বল নক্ষত্ৰ
কি দৰে বুজাওঁ, অৱকাশ নাই!
সেই 'বাৰ-ওঠৰ' পৰাই চিনাকী পৰিচিত নাম।
হোমেন বৰগোহাঞি!
আজি টোকা বহীৰ পৃষ্ঠাবোৰ উকা হৈ ৰ'ব,
আমাৰ সমাজ আজি নিৰৱতা!
কোনে নো ভাবিছিলে? ব্যক্তিগৰাকী আমাৰ পৰা বিদায় মাগিব
মৃত্যু চিৰসত্য, কিন্তু!
ই-জানো শিল্প হ'ব পাৰে?
সেয়ে, আজি সকলো মৰ্মাহত।
জীৱন জীয়াৰ কৌশলৰ আয়ত্ত, মৰ্মস্পৰ্শী
বেদনাত্মক জীয়াতু শংখধ্বনি,
নিগৰি আহিছে, অ'ত স্বপ্নটোল নিৰংকুশ অশ্রুৰ চকুপানী।
বিলম্বৰ নাই? জান কাৰো'ৰে!
ইয়াক হস্তক্ষেপ কৰিবলৈ, দুই- দিনৰ বাবেই আহিছোঁ
জীৱন অতিবাহিত কৰিবলৈ,
সংশয় দূৰ কৰি!
জীয়াতু আজিৰ ক্ষণত আমি সকলোৱে নিজস্বতাৰে ভুক্তভোগী ।
✍️চিন্ময় ডেকা, টংলা
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ