যি সকলে আজিলৈকে
একো হেৰুৱা নাই
তেওঁলোকে আজিলৈকে
একো পোৱা নাই ৷
দুখ নাথাকিলে সুখ ক'ত,
সুখ নাথাকিলে
দুখৰ অস্তিত্বই বা ক'ত ?
জয়-পৰাজয়
পোৱা-নোপোৱা
ইটো সিটোৰ পৰিপূৰক,
যি সকল প্ৰতিটো কৰ্মতেই সফল
তেওঁলোক আটাইতকৈ বিফল।
যি সকলে নিসংগতাৰ
গভীৰতাত বুৰ যোৱা নাই,
যিসকলে গভীৰ নিশা
অনিদ্ৰাৰে থকা নাই,
যি সকলে যন্ত্ৰণাৰ কঠিন শিকলিত
বন্দী হৈ ছটফটাই থকা নাই,
সকলো থাকিও যি সকলে
কাৰোবাৰ অপেক্ষাত থকা নাই,
হাজাৰ মৰম চেনেহৰ মাজতো
কাৰোবাৰ মৰম ভিক্ষা কৰা নাই
এদিনো অনাহাৰে থকা নাই
হাজাৰ দুখৰ মাজতো
মিছিকীয়াই কব পৰা নাই
"মই ভালে আছো।"
সেই সকল ব্যক্তিক
গভীৰ সমবেদনা জনাইছো।
কাৰণ,তেওঁলোক প্ৰকৃত দুখীয়া!!!
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ