পোৱা নোপোৱাৰ মাজতেই আছিল জীৱনৰ প্ৰথমটো স্তৰ শৈশৱ।
তোমাৰ আঁচলৰ আৰে আৰে কটাইছিলোঁ পাঁচ/ছটাকৈ বছৰ
এনেতে ...
কি দৰে নো যাব দিব পাৰিলা মোক
মানৱদৰদী বুজি নোপোৱা সৌ অপৰাধীৰ ঘৰত।
জানাই চোন তেওঁলোকেই লিখে
কাগজে কলমে শিশু শ্ৰমিকৰ অপৰাধ বুলি
অন্যহাতে তেওঁলোকেই নিৰ্যাতনৰ এৰি নিদিয়ে এটাওঁ সুযোগ।
মনত পৰে অ মা...
সৌ যে সিদিনা
মই যে সমস্ত গাৰ জোৰে সাবটি ধৰিছিলোঁ তোক
নাযাওঁ নাযাওঁ বুলি মোৰ কপাহী আঙুলি কেইটাৰে খামুচি ধৰিছিলোঁ তোৰ দুহাত ।
তেতিয়া কিয় মোক আহিব দিলি।
তাৰ পিছতো মই সুখী আছিলোঁ
হয়তো পাৰিছিলোঁ ঘৰখনৰ দৰিদ্ৰতাৰ এটা অংশ মচিব
এয়াই তো একমাত্ৰ সান্ত্বনা আছিল মোৰ।
কিমান যে সোধা নাই নিস্তব্ধ ৰাতিত জোনটোক।
কিমান যে বিচৰা নাই আকাশত তিৰবিৰাই থকা তৰা বোৰক তোৰ কথা।
কেতিয়াবা ভাগৰি পৰো
বাধ্যত প্ৰশ্ন কৰো নিজক ।
দোষ নো প্ৰকৃততে কাৰ
দোষী কোন...
দৰিদ্ৰতাৰ হেঁচাত উপায়হীন পিতৃ-মাতৃ নে
শিক্ষিত আৰু ভদ্ৰতাৰ মুখা পিন্ধা
অভদ্ৰতাৰ আচৰণধাৰী তেওঁলোকক।।
অত্যাচাৰ বোৰত সীমা হেৰুৱাই দিয়ে তেওঁলোক ।
যন্ত্ৰণাবোৰৰ বিষাদত বৰকৈ উচুপি উঠো অ মা।
বাৰে বাৰে তৰাবোৰক কৈ পঠাওঁ
লৈ যোৱা অ মা
মোক তোমাৰ কাষলে
লৈ যোৱা।
✍️মনিষা কিষান।
মৰাণহাট।
নমস্কাৰ স্বাগতম জনাইছোঁ আপোনাক । লেখাটো বা সংখ্যাটো পঢ়ি কেনেকুৱা পাইছে তলত কমেন্ট বক্সত লিখি আমাক জনাবলৈ নাপাহৰিব । লগতে লেখাটোৰ তলত দিয়া হোৱাটচএপ, ফেচবুক বুটামত টিপি লেখাটো আপোনাৰ শুভাংকাশী সকলৰ সৈতে শ্বেয়াৰ কৰি দিব । ধন্যবাদ