বিচনাত পৰি শুই থকা ৰাধাৰ মোবাইলটো হঠাতে বাজি উঠিল৷ একেকোবে উঠি তাই ফোনটো ধৰিলে৷সিটো মূৰৰ পৰা অহা কলটোৱে তাইৰ জীৱনৰ গতি সলনি কৰি পেলালে ।
বেমাৰী মাক -দেউতাক আৰু তাইৰ একমাত্ৰ সম্বল বহি:ৰাজ্যত কাম কৰি থকা মৰমৰ ভাইটি অতিমাৰী কৰ’ণাৰ বলি হ’ব লগা হ’ল৷
বিচনাত পৰি কান্দি কান্দি ৰাধাই বাগৰ সলালে । তাইৰ উশাহ -নিশাহবোৰ বন্ধ হোৱাৰ উপক্ৰম হ'ল । মাক দেউতাকক কি বুলি সান্ত্বনা দিব ৷ কেনেকৈ প্ৰতিপাল কৰিব৷এক বিশাল হতাশাই চাৰিওফালে বেঢ়ি ধৰিলে । ভগৱানৰ ওপৰত আজি যেন বিশ্বাস হেৰাই গৈছে !
মনতে ভাবিলে যে আজি কোভিড ১৯ৰ তাণ্ডৱলীলাৰ সহযাত্ৰী হ'ল একমাত্ৰ মৰমৰ ভায়েকটো৷
✍ নিজৰা বৰ্মন ডেকা